ETV Bharat / bharat

শ্বিলঙৰ ইষ্ট খাছী হিল জিলাত অব্যাহত সান্ধ্য আইন

মঙলবাৰে জিলা ন্যায়াধীশে 188 ধাৰাৰ অধীনত ইষ্ট খাছী হিল জিলা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত সান্ধ্য আইন ঘোষণা কৰে ৷ ইয়াৰ লগতে পূৱ ৰেঞ্জৰ 6 খন জিলাত বন্ধ থাকিব ইন্টাৰনেট সেৱা ৷ এই সান্ধ্য আইন মঙলবাৰে নিশা 9 বাজাৰ পৰা বুধবাৰে পুৱা 6 বজালৈ অব্যাহত থাকিব ৷

Curfew in Shillong and its adjoining areas continues
শ্বিলঙৰ ইষ্ট খাছী হিল জিলাত অব্যাহত সান্ধ্য আইন
author img

By

Published : Mar 4, 2020, 5:20 AM IST

নেশ্বনেল ডেক্স,3 মাৰ্চঃ খাছী ছাত্ৰ সন্থা আৰু অ-জনজাতীয় লোকসকলৰ মাজত হোৱা সংঘৰ্ষৰ বাবে মঙলবাৰে জিলা ন্যায়াধীশে 144 ধাৰাৰ অধীনত ইষ্ট খাছী হিল জিলা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত সান্ধ্য আইন ঘোষণা কৰে ৷ ইয়াৰ লগতে পূৱ ৰেঞ্জৰ 6 খন জিলাত বন্ধ কৰা হয় ইন্টাৰনেট সেৱা ৷ এই সান্ধ্য আইন মঙলবাৰে নিশা 9 বজাৰ পৰা বুধবাৰে পুৱা 6 বজালৈ অব্যাহত থাকিব ৷ সান্ধ্য আইন জাৰি কৰা অঞ্চলসমূহ হ’ল পৌৰসভা অঞ্চল, মৌলাই ব্লকৰ অন্তৰ্গত সেনা নিবাস অঞ্চলসমূহ,মাওপাট ব্লক, মদনটিং, মাওবলেই, লাইটকোট, নোনকেশ, উমলিংকা, মাওদিয়াংদিংদেইনজিওং আৰু সেইজিওং৷ ইয়াৰ পূৰ্বে 28,29 ফেব্ৰুৱাৰী আৰু 2 মাৰ্চত সান্ধ্য আইন জাৰী কৰা হৈছিল ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, শুকুৰবাৰে সন্ধিয়া ছামাটিত খাছী ছাত্ৰ সন্থাৰ এক সভা অনুষ্ঠিত হৈছিল ৷ আৰু এই সভাৰ পিছতেই খাছী ছাত্ৰ সন্থা আৰু অ-জনজাতীয় লোকসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ ইয়াৰ পিছতেই খাছী ছাত্ৰ সন্থাৰ সদস্যসকলে স্থানীয় বজাৰৰ লগতে এটা ঘৰত অগ্নিসংযোগৰ চেষ্টা চলায় আৰু অ-জনজাতীয় লোকসকলে খাছী ছাত্ৰ সন্থাৰ সদস্য থকা এখন বাছত শিলাবৰ্ষণ কৰে ৷ এই সংঘৰ্ষত 4 জন খাছী ছাত্ৰ সন্থাৰ সদস্য আহত হয় ৷

লগতে পঢ়ক-হোলী উপলক্ষে বিশেষ ৰে’ল উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.