ETV Bharat / bharat

কোভিড-19 : চিআৰপিএফৰ মহানিৰ্দেশকৰ ফলাফল নিগেটিভ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ মহানিৰ্দেশক এপি মাহেশ্বৰীয়ে দেওবাৰে নিশ্চিত কৰে যে, তেওঁ কৰ‘ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নাই ৷

author img

By

Published : Apr 6, 2020, 9:01 AM IST

CRPF DG tests negative for coronavirus
চিআৰপিএফৰ মহানিৰ্দেশকৰ ফলাফল নিগেটিভ

নিউজ ডেস্ক, 6 এপ্ৰিলঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহানিৰ্দেশকৰ কোভিড-19ৰ ফলাফল নিগেটিভ ৷ দেওবাৰে এই কথা নিজেই সদৰী কৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ ডিজি এপি মাহেশ্বৰীয়ে ৷ অৱশ্যে আগন্তুক দিনবোৰত চিকিৎসকসকলে আগবঢ়োৱা পৰামৰ্শসমূহ মানি চলিব বুলি জনায় তেওঁ ৷

মাহেশ্বৰীয়ে কয় যে, "মোৰ নিজৰ লগতে মধ্যৱৰ্তী আৰু সংযোগত অহা ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে ৷ অৱশ্যে স্বাস্থ্যজনিত নিৰ্দেশনাসমূহ মানি চলি থাকিম ৷"

চিআৰপিএফৰ চীফ মেডিকেল অফিচাৰ (চিএমঅ‘) ইতিমধ্যে কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এগৰাকী বিষয়াৰ সৈতে পৰোক্ষভাৱে চিএমঅ’ৰ সৈতে সংযোগ স্থাপন হৈছিল চিআৰপিএফৰ ডিজিগৰাকীৰ ৷ ইয়াৰ পিচতেই তেওঁৰ তেজৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেওবাৰলৈ ভাৰতত কৰ‘ণা ভাইৰাছসৃষ্ট কোভিড-19ত আক্ৰান্ত হৈছে সৰ্বমুঠ 3,577 গৰাকী লোক ৷ ইয়াৰে ভিতৰত এতিয়ালৈকে 83 গৰাকী লোকে মৃত্যুবৰণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.