ETV Bharat / bharat

বিগত 15 দিনৰ পৰা মোৰ ক্ৰিকেটৰ বিষয়ে একো চিন্তা অহা নাই: হৰভজন সিং - coronavirus

অনুভৱী ব‘লাৰ গৰাকীয়ে বিভিন্ন ৰাজ্যত থকা প্ৰবাসী শ্ৰমিক সকলৰ লক ডাউনৰ ফলত হোৱা দূৰৱস্থা সন্দৰ্ভত চিন্তা ব্যক্ত কৰি কয় যে, চৰকাৰে লক ডাউন ঘোষণা কৰাৰ আগতে এই সকলৰ বাবে কিবা ব্যৱস্থা কৰিব লাগিছিল ৷

Cricket is a very small thing in front of the country: Harbhajan Singh
বিগত 15 দিনৰ পৰা মোৰ ক্ৰিকেটৰ বিষয়ে একো চিন্তা অহা নাই: হৰভজন সিং
author img

By

Published : Mar 29, 2020, 2:33 PM IST

নিউজ ডেস্ক, 29 মাৰ্চ: ভাৰতীয় স্পীনাৰ হৰভজন সিঙে শনিবাৰে দেশৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সাম্প্ৰতিক সময়ত দেশতকৈ ক্ৰিকেট ডাঙৰ নহয় বুলি মন্তব্য প্ৰকাশ কৰে ৷ দেশৰ জনসাধাৰণৰ সন্মুখত দেখা দিয়া সংকটকালীন পৰিস্থিতি তথা কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দিয়া লক ডাউনৰ তুলনাত বৰ্তমান ক্ৰিকেট এক সৰু বিষয়, এই মুহুৰ্তত তেওঁ এই বিষয়ে একো চিন্তাও কৰা নাই বুলি উল্লেখ কৰে ৷

দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি স্পিনাৰ গৰাকীয়ে কয় যে, "বিগত 15 দিনৰ পৰা মোৰ মগজুত ক্ৰিকেটৰ বিষয়ে একো চিন্তা অহা নাই ৷ দেশৰ সন্মুখত ক্ৰিকেট বহু সৰু বিষয় ৷ যদি এই মুহুৰ্তত মই ক্ৰিকেট আৰু আই পি এলৰ কথা ভাবো তেনেহলে মই এজন স্বাৰ্থপৰ ব্যক্তি হম ৷ বৰ্তমান আমাৰ প্ৰাথমিক দায়িত্ব হ‘ল দেশখনক সুস্বাস্থ্য তথা সৱল কৰি ৰখা ৷ খেল তেতিয়াই হ‘ব যেতিয়া আমি সুৰক্ষিত আৰু সু-স্বাস্থ্যবান হৈ থাকিম ৷ এই মুহুৰ্তত আমি একগোট হৈ থকাৰ লগতে দেশখনক নিজৰ ভৰিত থিয় কৰোৱাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে অৱদান আগবঢ়োৱাৰ চেষ্টা কৰা উচিত ৷"

Cricket is a very small thing in front of the country: Harbhajan Singh
বিগত 15 দিনৰ পৰা মোৰ ক্ৰিকেটৰ বিষয়ে একো চিন্তা অহা নাই: হৰভজন সিং

তদুপৰি অনুভৱী ব‘লাৰ গৰাকীয়ে বিভিন্ন ৰাজ্যত থকা প্ৰৱাসী শ্ৰমিক সকলৰ লক ডাউনৰ ফলত হোৱা দূৰৱস্থা সন্দৰ্ভত চিন্তা ব্যক্ত কৰি চৰকাৰে লক ডাউন ঘোষণা কৰাৰ আগত এই সকলৰ বাবে কিবা ব্যৱস্থা কৰিব লাগিছিল বুলি মন্তব্য প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.