মিজোৰাম,21 জানুৱাৰী : মিজোৰামৰ ক’ভিড-19 সন্দৰ্ভত বৃহস্পতিবাৰে এক বৈঠকত মিলিত হয় মিজোৰামৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ আৰ. লাল্থাংলিয়ানাই ৷
বৈঠকত উল্লেখিত অনুসৰি, শুকুৰবাৰ অৰ্থাৎ 22 জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হ’ব ৷ আনহাতে, বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ ক’ভিড পৰীক্ষাৰ বাবে উপস্থিত থাকিব স্বাস্থ্য বিভাগৰ লোক ৷
ৰাজ্যখনে ইতিমধ্যে 35,000 কোভিশ্বিল্ড প্ৰতিষেধক লাভ কৰাৰ লগতে আগন্তুক দিনত পুনৰ 16,500 প্ৰতিষেধক লাভ কৰিব বুলি বৈঠকত উল্লেখ কৰা হয় ৷
ইফালে চাম্ফাই, কোলাচিব, ছিয়া আৰু ছেৰশ্বিপ জিলাত ইতিমধ্যে ক’ভিড টীকাকৰণ অভিযান আৰম্ভ কৰা হয় । বৃহস্পতিবাৰে দুপৰীয়া 1 বজালৈ ৰাজ্যখনত 2,010 গৰাকী স্বাস্থ্যকৰ্মীয়ে ক’ভিশ্বিল্ড প্ৰতিষেধক লাভ কৰে ৷
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে মহিলা বৈমানিকৰ নেতৃত্বত গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট