ETV Bharat / bharat

COVID-19: ভাৰতৰ সাম্প্ৰতিক তথ্য - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

ভাৰতত 72 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতত 9,00,90,122 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

COVID-19: ভাৰতৰ সাম্প্ৰতিক তথ্য
COVID-19: ভাৰতৰ সাম্প্ৰতিক তথ্য
author img

By

Published : Oct 14, 2020, 12:30 PM IST

নেশ্যনেল ডেস্ক, 14 অক্টোবৰ: ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই 72,39,389 গৰাকী লোকলৈ অতিক্ৰম কৰিলে ৷ জানিব পৰা মতে বিগত 24 ঘণ্টাত নতুনকৈ 63,509 গৰাকী লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৷ অৱশ্যে বৰ্তমানলৈ দেশত এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 63 লক্ষাধিকলৈ বৃদ্ধি পাইছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 87.05 শতাংশ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য ৷

14 অক্টোবৰলৈ দেশত কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 1,10,586 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাত দেশজুৰি 730 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

সম্প্ৰতি ভাৰতত 8,26,876 গৰাকী সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগী আছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 11.42 শতাংশ ৷ বৰ্তমানলৈ 63,01,927 গৰাকী ৰোগীয়ে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই 7 আগষ্টত 20 লক্ষাধিক অতিক্ৰম কৰিছিল, 23 আগষ্টত 30 লক্ষাধিক আৰু 5 চেপ্তেম্বৰত 40 লক্ষাধিক ৷ এই সংখ্যাই 16 চেপ্তেম্বৰলৈ বৃদ্ধি পাই অতিক্ৰম কৰে 50 লক্ষাধিকৰ ঘৰ, চেপ্তেম্বৰৰ 28 তাৰিখে 60 লক্ষাধিক আৰু অক্টোবৰৰ 11 তাৰিখলৈ 70 লক্ষাধিক অতিক্ৰম কৰে ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতত 9,00,90,122 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 13 অক্টোবৰত দেশজুৰি 11,45,015 টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে ৷

লগতে পঢ়ক: দুৰ্গোৎসৱৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.