ETV Bharat / bharat

মৃত্যুৰ ১৮ ঘণ্টা পৰ্যন্ত কৰ'ণা আক্ৰান্ত ৰোগীৰ দেহত সক্ৰিয় হৈ থাকে ভাইৰাছ

author img

By

Published : Oct 24, 2020, 6:30 PM IST

COVID-19ত আক্ৰান্ত ৰোগীৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিছে আন এক তথ্য। কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যুৰ ১৮ ঘণ্টা পৰ্যন্ত ভাইৰাছ সক্ৰিয় হৈ থাকে ৰোগীজনৰ দেহত। প্ৰখ্যাত ফৰেনচিক বিশেষজ্ঞ তথা অক্সফ'ৰ্ড চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ প্ৰমুখ ড০ দীনেশ ৰাৱে প্ৰকাশ কৰিছে এই কথা।

COVID-19 virus stays alive 18 hrs after death of infected person, reveals autopsy

নেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ: কৰ্ণাটকৰ এখন হাস্পতালত শেহতীয়াকৈ এগৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ মৰণোত্তৰ পৰীক্ষাত মৃতদেহত ভাইৰাছৰ উপস্থিতি সন্দৰ্ভত আচৰ্য্যজনক তথ্য পোহৰলৈ আহিছে। ৬২ বছৰীয়া এগৰাকী ৰোগীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। ইয়াৰ পিছতে প্ৰখ্যাত ফৰেনচিক বিশেষজ্ঞ তথা অক্সফ'ৰ্ড চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ প্ৰমুখ ড০ দীনেশ ৰাৱে প্ৰকাশ কৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যুৰ ১৮ ঘণ্টা পৰ্যন্ত ৰোগীজনৰ দেহত ভাইৰাছ সক্ৰিয় হৈ থাকে।

৬২ বছৰীয়া লোকজনক COVID-19ত আক্ৰান্ত হোৱাৰ পিছতে অক্সফ'ৰ্ড চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৰোগীজনৰ মৃত্যুৰ পিছতে পৰিয়ালৰ অনুমতি সাপেক্ষে মৰণোত্তৰ পৰীক্ষা কৰে চিকিৎসালয় কৰ্তৃপক্ষই। মৰণোত্তৰ পৰীক্ষা ভাইৰাছৰ সক্ৰিয়তাৰ কথা পোহৰলৈ আহে। ড০ দীনেশ ৰাৱে কয় যে, সাধাৰণতে মানুহৰ মৃত্যুৰ পিছতো হাওঁফাওঁ এটুকুৰা স্পঞ্জৰ দৰে দেখা যায়। কিন্তু COVID-19ত আক্ৰান্ত ৰোগীজনৰ মৃত্যুৰ পিছত হাওঁফাওঁ ছাল সদৃশ হৈ পৰে। ওজনো যথেষ্ট বৃদ্ধি পাইছিল।

ৰোগীজনৰ মূৰত তেজো জমা হৈছিল। যকৃতৰ যথেষ্ট ক্ষতি হৈছিল। ৰাওৰ মতে, হাওঁফাওঁত তেজ জমা হোৱাৰ কথা মৰণোত্তৰ পৰীক্ষাত প্ৰমাণ হৈছিল। কেতিয়াবা COVID-19ত আক্ৰান্ত ৰোগীৰ হাওঁফাওঁত ভাইৰাছ সক্ৰিয় হৈ নাথাকে। কিন্তু এইগৰাকী ব্যক্তিৰ দেহত ১৮ ঘণ্টা পৰ্যন্ত ভাইৰাছ সক্ৰিয় হৈ আছিল।

লগতে পঢ়ক:আগন্তুক 48 ঘন্টাৰ ভিতৰত ওড়িশাৰ পৰা আতৰিব মৌচুমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.