ETV Bharat / bharat

দেশত ৩ লাখলৈ বৃদ্ধি পাইছে কোভিড-১৯ৰ নমুনা পৰীক্ষাৰ ক্ষমতাঃ স্বাস্থ্য মন্ত্ৰণালয় - india Fights corona virus

বৰ্তমান দেশৰ ৯০৭ টা পৰীক্ষাগাৰত কোভিড-১৯ৰ নমুনা পৰীক্ষা কৰা হয়। ইয়াৰে ৬৫৯ টা পৰীক্ষাগাৰ চৰকাৰী আৰু ২৪৮ টা পৰীক্ষাগাৰ ব্যক্তিগত খণ্ডৰ। স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ৫৩৫ টা "Real-Time PCR" পৰীক্ষাগাৰ, ৩০২ টা 'TrueNat' পৰীক্ষাগাৰ আৰু ৭১ টা 'CBNAAT' পৰীক্ষাগাৰ আছে।

স্বাস্থ্য মন্ত্ৰণালয়
COVID-19 testing capacity reaches 3 lakhs samples a day: Health Ministry
author img

By

Published : Jun 16, 2020, 7:33 PM IST

নিউজ ডেস্ক, ১৬ জুনঃ সম্প্ৰতি দেশত প্ৰতিদিনে ৩ লাখলৈ বৃদ্ধি পাইছে কোভিড-১৯ ৰ নমুনা পৰীক্ষাৰ ক্ষমতা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত প্ৰায় ৫৯,২১,০৬৯ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

COVID-19 testing capacity reaches 3 lakhs samples a day: Health Ministry
দেশত ৩ লাখলৈ বৃদ্ধি পাইছে কোভিড-১৯ ৰ নমুনা পৰীক্ষাৰ ক্ষমতাঃ স্বাস্থ্য মন্ত্ৰণালয়

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশতে ক্ৰমাৎ কোভিড-১৯ ৰ লক্ষণ থকা লোকসকলৰ পৰীক্ষণৰ ব্যৱস্থা বৃদ্ধি পাইছে । বৰ্তমান দেশত দৈনিক প্ৰায় ৩ লাখ লোকৰ নমুনা পৰীক্ষা সম্ভৱ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত দেশত ১,৫৪,৯৩৫ গৰাকী লোকৰ কোভিড-১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰে।

বৰ্তমান দেশৰ ৯০৭ টা পৰীক্ষাগাৰত কোভিড-১৯ৰ নমুনা পৰীক্ষা কৰা হয়। ইয়াৰে ৬৫৯ টা পৰীক্ষাগাৰ চৰকাৰী আৰু ২৪৮ টা পৰীক্ষাগাৰ ব্যক্তিগত খণ্ডৰ। স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ৫৩৫ টা "Real-Time PCR" পৰীক্ষাগাৰ, ৩০২ টা 'TrueNat' পৰীক্ষাগাৰ আৰু ৭১ টা 'CBNAAT' পৰীক্ষাগাৰ আছে।

উল্লেখ্য যে,দেশৰ ৯০৭ টা পৰীক্ষাগাৰৰ ভিতৰত ৰাজধানী দিল্লীত ৪২ টা কোভিড-১৯ পৰীক্ষাগাৰ আছে। এই পৰীক্ষাগাৰ সমূহত প্ৰতিদিনে প্ৰায় ১৭,০০০ নমুনা পৰীক্ষা কৰা হয়। লগতে, কোনটেইণ্টমেণ্ট জ'নসমূহত 'Rapid Antigen Test' কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে।

"তদুপৰি, 'Q Covid-19 Ag Detaction Kit'ৰে পৰীক্ষা কৰিলে ১৫ মিনিটৰ ভিতৰত ফলাফল লাভ কৰিব পাবিৰ বুলি স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে। লগতে, 'Rapid Antigen Test Kits'ৰে পৰীক্ষা কৰিলে নমুনা সংগ্ৰহৰ ১ ঘণ্টাৰ পাছত ফলাফল লাভ কৰিব পাৰে। সমগ্ৰ দেশে ঘৰুৱাভাৱে মাহে প্ৰায় ১০ মিলিয়ন 'Rapid Antigen Test Kits' প্ৰস্তুত কৰিব পাৰে" বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ উক্ত বিজ্ঞপ্তিত উল্লেখ আছে।

উল্লেখ্য যে, দেশজুৰি ১,৫৩,১৭৮ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী চিকিত্সাধীন অৱস্থাত আছে আৰু ১,৮০,০১৩ গৰাকী ৰোগীয়ে এই মহামাৰীৰ কৱলৰ পৰা উপশম লাভ কৰিছে। ইয়াৰ বিপৰীতে ৯,৯০০ গৰাকী লোকৰ মৃত্যু হৈছে।

ইয়াৰ লগতে চাওকঃ কৰ'ণাক একাষৰীয়া কৰি ঘৰে ঘৰে প্ৰচাৰ অভিযান বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.