নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : প্ৰায় 18,000 কোটি টকা ৰিফাণ্ড দাবীৰ অনুমোদনৰ উদ্দেশ্যে (কেন্দ্ৰীয় প্ৰৰোক্ষ কৰ আৰু সীমা শুল্ক বৰ্ড) CBIC য়ে বৃহস্পতিবাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
'Special Refund and Drawback Disposal Drive' নামৰ এই ব্যৱস্থাই 7 এপ্ৰিললৈ বাকী থকা সকলোবোৰ ৰিফাণ্ড প্ৰদান কৰিব ৷
কেন্দ্ৰীয় প্ৰৰোক্ষ কৰ আৰু সীমা শুল্ক বৰ্ডে জানিবলৈ দিয়া অনুসৰি, ৰিফাণ্ডৰ উপৰি ব্যৱসায়িক সন্থাসমূহলৈ সাহাৰ্য পুঁজি আগবঢ়োৱাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
ই-মেইলৰ জৰিয়তে আবেদনকাৰীক এই সম্পৰ্কত তথ্য প্ৰদান কৰা হ'ব ৷
বুধবাৰে বিত্ত মন্ত্ৰণালয়ে কৈছিল যে, কোভিড-19 ৰ সাহাৰ্য প্ৰদানৰ বাবে বাকী থকা সকলো GST আৰু শুল্ক প্ৰত্য়াপন মুকলি কৰাৰ ফলত 1 লাখ ব্যৱসায়ী সন্থা লাভৱান হ'ব ৷
ইয়াৰ বাবে প্ৰায় 18,000 কোটি টকাৰ ৰিফাণ্ড মুকলি কৰিব লাগিব ৷
এই ব্যৱস্থাৰ বিশেষ নিৰীক্ষণ কৰিব কেন্দ্ৰীয় কৰ বিভাগৰ মুখ্য আয়ুক্তই ৷