নিউজ ডেস্ক, ১ জুলাই : ভাৰতবৰ্ষত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও বিগত ২৪ ঘন্টাত ভাৰতত ১৩,১৫৭ গৰাকী লোক ক’ভিড-১৯ ৰ পৰা সুস্থ হ’বলৈ সক্ষম হৈছে । ভাৰতবৰ্ষত সৰ্বমুঠ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৩,৪৭,৯৭৮ গৰাকীলৈ বৃদ্ধি পাইছে । ভাৰতবৰ্ষত বৰ্তমানলৈকে ৫৯.৪ শতাংশ লোক ইতিমধ্যে সুস্থ হৈ উঠিছে ।
বৰ্তমানে দেশখনত ২,২০,১১৪ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈ আছে । দেশখনত ৭৬৪ খন চৰকাৰী আৰু ২৯২ খন ব্যক্তিগত চিকিৎসালয়ত সৰ্বমুঠ ৮৮,২৬,৫৮৫ জন লোকৰ ক’ভিড পৰীক্ষণ সম্পন্ন কৰা হৈছে ।
স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, মহাৰাষ্ট্ৰ, দিল্লী, তামিলনাডু আৰু স্বায়ত্ব শাসিত অঞ্চল সমূহত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাইছে । মহাৰাষ্ট্ৰত ১৭৪৭৬১, দিল্লীত ৮৭৩৬০, তামিলনাডুত ৯০১৬৭ আৰু গুজৰাটত ৩২৫৫৭ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । বিগত সপ্তাহত দিল্লীয়ে ৭৭২৪০ জন আক্ৰান্তৰ সংখ্যাক লৈ তামিলনাডুক অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক : এণ্টিবায়'টিক ঔষধৰ ক্ষেত্ৰত চীনৰ ওপৰত ৯৯ শতাংশ নিৰ্ভৰশীল ভাৰত