ETV Bharat / bharat

ভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 10 হাজাৰ অতিক্ৰম

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যাই 10,000 অতিক্ৰম কৰিছে ৷ কৰ’ণা ভাইৰাছৰ ফলত মঙলবাৰলৈ দেশত 339 গৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে ৷

ভাৰতত কিদৰে বৃদ্ধি পালে কোভিড-19
ভাৰতত কিদৰে বৃদ্ধি পালে কোভিড-19
author img

By

Published : Apr 14, 2020, 1:44 PM IST

নিউজ ডেস্ক, 14 এপ্ৰিলঃ দেশত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই 10,000ৰো অধিক পাৰ কৰিছে ৷ মঙলবাৰে দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ আনহাতে মঙলবাৰলৈ দেশত 339গৰাকী লোকৰ কৰ’ণা ভাইৰাছৰ ফলত মৃত্যু হয় ৷ আনহাতে দেশত সক্ৰিয় কোভিড-19 ৰোগীৰ সংখ্যা 8988 গৰাকী হোৱাৰ বিপৰীতে 1035 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

দেশৰ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ এখন গ্ৰাফ তলত দিয়া হ’ল ৷

ভাৰতত কিদৰে বৃদ্ধি পালে কোভিড-19
ভাৰতত কিদৰে বৃদ্ধি পালে কোভিড-19
ভাৰতত কোভিড-19ৰ পৰিসংখ্যা
ভাৰতত কোভিড-19ৰ পৰিসংখ্যা

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছে বহু লোকৰ প্ৰাণ কাঢ়িছে ৷ চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা এই ভাইৰাছৰ ওপৰত ৰহস্যজনকভাৱে নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে চীনে ৷ কিন্তু আমেৰিকাকে ধৰি, ফ্ৰান্স, ইটালী, ভাৰত, ইংলেণ্ড আদি দেশত এই ভাইৰাছে নিজৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি কৰি গৈ আছে ৷ ভাৰতত এই ভাইৰাছৰ পৰা দেখা দিয়া ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছিল আৰু আজি পুনৰ 3 মে’লৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.