ETV Bharat / bharat

নিজামুদ্দিনত মিলিত হোৱাটো ক্ষতিকাৰকঃ সংখ্যালঘুৰ প্ৰমুখ্য - দিল্লী

কোভিড-১৯ মহামাৰী প্ৰতিৰোধৰ চৰকাৰৰ সকলো ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিলে তবলিগী জামাত মণ্ডলীয়ে । বুধবাৰে এই কাৰ্যক বৃহৎ ক্ষতি বুলি উল্লেখ সকলো মাদ্ৰাচা তথা ধৰ্মীয় স্থানত তলাবন্ধৰ ঘোষণা কৰে ৰাষ্ট্ৰীয় সংখ্যলঘু আয়োগে ।

নিজামুদ্দিনত মিলিত হোৱাটো ক্ষতিকাৰকঃ সংখ্যালঘুৰ প্ৰমুখ্য

author img

By

Published : Apr 2, 2020, 2:34 PM IST

নিউজ ডেস্ক, ২ এপ্ৰিলঃ দেশজুৰি দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ মাজতেই বুধবাৰে তবলিগী জামাত মণ্ডলীৰ কাৰ্যই কৰ'ণা ভাইৰাছ প্ৰতিৰোধ অভিযানত মুখ্যম আঘাত হানিচে বুলি উল্লেখ কৰে সংখ্যালঘু আয়োগে ।

ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশ সমূহলৈ ৰাষ্ট্ৰীয় সংখ্যলঘু আয়োগৰ প্ৰমুখ্য ছৈয়দ ঘয়োৰুল হছন ৰিজৱীয়ে দিয়া পত্ৰত উল্লেখ কৰা হৈছে যে, নিজামুদ্দিনৰ ঘটনাটো লক্ ডাউন উলংঘনৰ এক গম্ভীৰ অপৰাধ । এই অপৰাধত জড়িত থকা সকলোৰে ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায় ।

ইয়াৰ লগতে সকলো ধৰ্মীয় অনুষ্ঠান, মাদ্ৰাচা শিক্ষা অনুষ্ঠান ইত্যাদি লক্ ডাউনৰো নিৰ্দেশ দিয়ে । যাতে কোনো লোক একে লগে সমবেত নহয় ।

শেহতীয়াকৈ তিনিদিন ধৰি নিজামুদ্দিনৰ মাৰ্কজৰ পৰা ২০০০ ত কৈ অধিক লোকক উদ্ধাৰ কৰা হয় । ইয়াৰ লগতে মৌলানা ছাদ, জীশ্বন, মুফ্তী শ্বাহজাদ, এম ছেফী, ইউনিছ, মহম্মদ ছালমান, মহম্মদ অশ্ৰফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ।

ভাৰত চৰকাৰে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত ২১ দিনৰ লক্ ডাউনৰ ঘোষণা কৰিছিল । নিজামুদ্দিনৰ ঘটনাৰ পাচতেই ব্যাপক হাৰত বৃদ্ধি পায় ভাৰতত আক্ৰান্তৰ সংখ্যা । অসমতো নিজামুদ্দিনৰ পৰা অহা ১৬ জনৰ দেশত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

স্বাস্থ্য সুৰক্ষা কৰ্মীৰ সুৰক্ষাকলৈ কেন্দ্ৰৰ স্থিতি জনোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.