ETV Bharat / bharat

বিগত ২৪ ঘণ্টাত ভাৰতত ২৪,৮৫০ গৰাকী ব্যক্তিৰ দেহত COVID-19

author img

By

Published : Jul 6, 2020, 3:30 PM IST

বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় ২৪,৮৫০ গৰাকী ব্যক্তি । ফলত ভাৰতত কৰ'ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৬,৭৩,১৬৫ লৈ বৃদ্ধি পায় বুলি সদৰি কৰে স্বাস্থ্য মন্ত্ৰণালয়ে । লগতে বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ ৬১৩ গৰাকী ব্যক্তিৰ মৃত্য়ু হোৱাৰ ফলতে ভাৰতত কৰ'ণাত আক্ৰান্ত হৈ মৃত্য়ু হোৱা সংখ্যা ১৯,২৬৮ গৰাকীলৈ বৃদ্ধি পায়।

 কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ

নিউজ ডেস্ক, ৬ জুলাইঃ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত দেওবাৰে অভিলেষ সৃষ্টি গঢ়িলে ভাৰতে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰে যে, বিগত ২৪ ঘণ্টাত ২৪,৮৫০ গৰাকী ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি কৰ'ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৬,৭৩,১৬৫ লৈ বৃদ্ধি পায় । এই বৰ্ধিত সংখ্যাৰ বাবেই বিশ্বৰ ভিতৰতে ৰুছক পিছ পেলাই কৰ'ণাত অধিক ক্ষতিগ্ৰস্থ তথা আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতে তৃতীয় শীৰ্ষস্থান দখল কৰে । তাৰোপৰি বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ ৬১৩ গৰাকী ব্যক্তিৰ মৃত্য়ু হোৱাৰ ফলতে ভাৰতত কৰ'ণাত আক্ৰান্ত হৈ মৃত্য়ু হোৱা লোকৰ সংখ্যা ১৯,২৬৮ গৰাকীলৈ বৃদ্ধি পায় ।

আনহাতে, বৰ্তমান পৰ্যন্ত ৪,০৯০৮২ গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছক পৰাজিত কৰি আৰোগ্য হৈ উঠিছে । তথ্য অনুসৰি, ভাৰতৰ সাতখন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, তেলেংগানা, কৰ্ণাটক, অসমত এদিনত ৭৮ শতাংশৈ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.