ETV Bharat / bharat

দেশৰ ক'ত কেনে অৱস্থাত আছে মহামাৰী কৰ'ণা

ৰাজধানী দিল্লীত মহামাৰী কৰ'ণা ভাইৰাছৰত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে আৰম্ভ হৈছে প্লাজমা দান প্ৰক্ৰিয়া । ৰাজধানীন দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ'ণাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত প্লাজমা বেংকৰ জৰিয়তে আৰম্ভ হৈছে এই প্লাজমা দান প্ৰক্ৰিয়া ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ
author img

By

Published : Jul 3, 2020, 8:42 AM IST

নিউজ ডেস্ক,৩ জুলাইঃ ইণ্ডিয়ান কাউঞ্চিল অফ মেডিকেল ৰিচাৰ্জ (Indian Council of Medical Research)ৰ তথ্য অনুসৰি ভাৰতত ১ জুলাই পৰ্যন্ত মুঠ ৯০,৫৬,১৭৩ গৰাকী ব্যক্তিৰ মহামাৰী COVID-19 ৰ পৰীক্ষা কৰা হৈছে । আনহাতে, সমগ্ৰ দেশতে ৬,০৪,৬৪১ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে মহামাৰী COVID-19 ত । ইয়াৰ ভিতৰত ৩,৫৯,৮৫৯ গৰাকী লোক এই ৰোগৰ পৰা আৰোগ্য হৈ উঠাৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ১৭,৮৩৪ গৰাকী লোকৰ ।

কৰ'ণা ভাইৰাছ
covid 19 news from across the nation

দিল্লী

দিল্লীস্থিত এটি প্লাজমা বেংকে মহামাৰী COVID-19 ৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছে । এই প্লাজমা বেংটোৰ জৰিয়তে কৰ'ণা আক্ৰান্ত ব্যক্তি আৰোগ্য হৈ উঠাৰ ১৪ দিন পাচত প্লাজমা দান কৰিব পাৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে ।

অনলাইনযোগে মিডিয়াক সম্বোধন কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, "প্লাজমা দান কৰিবলৈ পোৱা সুযোগ অত্যন্ত কঠোৰ তথা আশাবাদী । আমি আশাবাদী যে এই প্লাজমা বেংকৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাব । আনহাতে, দিল্লী চৰকাৰে Institute of Liver and Biliary Sciences ত প্লাজমা বেংকৰ স্থাপন কৰে বুলি জানিবলৈ দিয়ে ।

প্লাজমা দান সন্দৰ্ভত কেজৰিৱালে কয় যে, ১৮ ৰ পৰা ৬০ বছৰীয়া লোক তথা ৫০ কিলোগ্ৰামৰ কম ওজন থকা লোকে প্লাজমা দান কৰিব নোৱাৰে বুলি সদৰি কৰে। লগতে গৰ্ভৱতী মহিলা, ইনছুলিন লোৱা ব্যক্তিয়ে প্লাজমা দান কৰিব নোৱাৰিব বুলিও সদৰি কৰে ।

কৰ'ণা ভাইৰাছ
covid 19 news from across the nation

হৰিয়ানা

ৰাজ্যখনৰ Post-Graduate Institute of Medical Sciences নামৰ প্ৰতিষ্ঠানটোত মহামাৰী COVID-19 ভেকচিনৰ যোগ্যতা তথা মূল্যায়ণ কৰিবলৈ দৈনন্দিনভাৱে মানব দেহত পৰীক্ষা চলাবলৈ সাজু বুলি উল্লেখ কৰে । এই পৰীক্ষাৰ বাবে প্ৰথমে ৩৭৫ গৰাকীৰ দেহত এই ভেকচিন প্ৰদান কৰাৰ লগতে দ্বিতীয় পৰীক্ষাত ৭৫০ গৰাকীৰ দেহত এই ভেকচিন দিয়া হ'ব বুলি সদৰি কৰে ।

গুজৰাট

গুজৰাটত বিগত ২ দিনৰ ভিতৰত বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণৰ ঘটনা । ৰাজ্যখনত বৰ্তমান পৰ্যন্ত ৫০০০ ৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । আহমেদাৱাদৰ পাচতে গুজৰাট কৰ'ণাৰ হটস্পট ঠাই হিচাপে চিহ্নিত হোৱাৰ আশংকা কৰা হৈছে । আনহাতে, গুজৰাটৰ স্বাস্থ্য় বিভাগৰ প্ৰধান সচিব জয়ন্তী বৰিয়ে বিগত দুদিন ধৰি সুৰত থাকি মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে উপায় তথা চিন্তা চৰ্চা চলাই থকা বুলিও সদৰি কৰে ।

কৰ'ণা ভাইৰাছ
covid 19 news from across the nation

হিমাচল প্ৰদেশ

জয়ৰাম ঠাকুৰৰ নেতৃত্বধীন চৰকাৰে বিগত কিছুমাহ পূৰ্বৰ পৰা মহামাৰী COVID-19 ৰ বাবে বন্ধ হৈ থকা পৰ্যটনস্থলীসমূহ খোলাৰ বাবে Standard Operating Procedure ৰ প্ৰস্তুতি চলাইছে । আনহাতে, ৰাজ্যখনৰ কিন্নোৰস্থিত আইটিবিপি কেম্পত ১৭ গৰাকী সেনা জোৱানৰ দেহত মহামাৰী কৰ'ণাৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে ৰামপুৰ আইটিবিপি কেম্পত ৬ গৰাকী সেনা জোৱান আক্ৰান্ত হয় মহামাৰী কৰ'ণাত ।

ঝাৰখণ্ড

ঝাৰখণ্ডত আনলক ২.০ ৰ অন্তৰ পাচতে ৰাজ্য চৰকাৰে বিদ্যালয় সমূহ পুনৰ খুলি দিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে । লগতে সকলো বিদ্যালয় পুনৰ খোলাৰ পূৰ্বে স্বচ্ছতাৰ দিশত গুৰুত্ব দিয়া হ'ব বুলিও মত প্ৰকাশ কৰে । বিদ্যালয়সমূহ খোলাৰ পাচত ইয়াৰ স্থিতিৰ ওপৰত চকু দিবলৈ ছিভিল সাৰ্জন, জিলা শিক্ষাৰ অধীক্ষকসহ বিষয়ববীয়া একত্ৰিত হৈ এখন কমিটি গঠন কৰিব বুলিও জানিবলৈ দিয়ে। কিন্তু খেলাধূলাৰ উপৰিও অন্যান্য ব্যৱস্থা সমূহ বিদ্যালয়ত বন্ধ কৰা হ'ব । তাৰোপৰি ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়তে মধ্যহ্ন ভোজন যোগান ধৰা হ'ব বুলি উল্লেখ কৰে ।

কৰ'ণা ভাইৰাছ
covid 19 news from across the nation

বিহাৰ

বিহাৰত বৰ্তমান পৰ্যন্ত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ৭৯ জন ব্যক্তিৰ । আনহাতে, ৰাজ্যখনত বৰ্তমান পৰ্যন্ত মুঠ ৭৭,৫২ শতাংশ লোক এই ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠিছে বুলিও সদৰি কৰে ৰাজ্য চৰকাৰে ।

উৰিষ্যা

এগৰাকী স্বাস্থ্য বিভাগৰ বিষয়ববীয়াই সদৰি কৰা অনুসৰি ৰাজ্যখনৰ বৃহস্পতিবাৰ পৰ্যন্ত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ২৭ গৰাকী ব্যক্তি । ৰাজ্যখনত বৃহস্পতিবাৰে ২২৯ গৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি লাভ কৰাৰ পাচতে কৰ'ণা আক্ৰান্ত ব্যক্তিৰ মুঠ সংখ্যা হৈছে ৭,৫৪৫ গৰাকীলৈ বৃদ্ধি পায় । তাৰ ভিতৰত বৰ্তমানেও ২,১৫৭ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈছে ৫,৩৫৩ গৰাকী ব্যক্তি ।

লগতে পঢ়কঃ নিয়ন্ত্ৰণৰেখাত অত্যাধিক সেনা মোতায়েনৰ দাবী অস্বীকাৰ পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.