ETV Bharat / bharat

ঘৰলৈ উভতিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে ভাৰতীয় ছাত্ৰই - কৰ'ণা ভাইৰাছ

ব্ৰিটেইনস্থিত ভাৰতীয় ছাত্ৰই নিজ দেশলৈ উভতিবলৈ আশা ব্যক্ত কৰিছে ৷ ভাৰতে জাৰি কৰা ভ্ৰমণ নিৰ্দেশাৱলী অনুসৰি ব্ৰিটেইনৰো ভাৰত ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷

কৰ'ণা আতংক
নিজ দেশলৈ উভতিব বিচাৰে ব্ৰিটেইনস্থিত ভাৰতীয়
author img

By

Published : Mar 18, 2020, 10:05 PM IST

নেশ্যনেল ডেস্ক, 18 মাৰ্চ : ব্ৰিটেইনত অধ্যনৰত ভাৰতীয় ছাত্ৰই নিজ দেশলৈ উভতিবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ৷ স্ব-গৃহলৈ কেতিয়া উভতিব আৰু পৰিয়ালৰ সৈতে সময় কটাব পাৰিব আদি বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিছে ব্ৰিটেইনস্থিত ভাৰতীয় দূতাবাসক ৷ দ্ৰুতভাৱে বিয়পি পৰা কৰ'ণা ভাইৰাছ ৰোধ কৰিবৰ বাবে বুধবাৰে নতুন দিল্লীয়ে ব্ৰিটেইনৰ ভাৰত ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

সোমবাৰে ভাৰতে 31 মাৰ্চলৈকে কাৰ্যকৰী হোৱাকৈ ইউৰোপ, তুৰ্কী আৰু ব্ৰিটেইনৰ সৈতে পৰিবহণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত ব্ৰিটেইনত 71 জন লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, ব্ৰিটেইনত আক্ৰান্ত হৈছে সৰ্বমুঠ 1,950 লোক ৷

আৰু পঢ়ক : সকলোৱে একত্ৰিত হ'লেহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰিম : ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.