নিউজ ডেস্ক,12 আগষ্ট: ভাৰতত কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 23,29,638 গৰাকীলৈ ৷ আক্ৰান্তসকলৰ ভিতৰত 16,39,599 গৰাকী লোক সুস্থ হোৱাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 46,091 গৰাকী লোকে ৷
ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ ৰাজ্যখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 5,35,601 গৰাকী লোক ৷ সম্প্ৰতি দেশত 6,43,948 গৰাকী লোকে কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে ৷