নিউজ ডেস্ক, ১১ জুলাইঃ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী COVID-19ত আক্ৰান্তৰ প্ৰকোপ । দেশখনত শুকুৰবাৰ পৰ্যন্ত মহামাৰী COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে ২২,১২৩ গৰাকী ব্যক্তিৰ । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা সদৰি কৰা অনুসৰি ভাৰতৰ প্ৰতিখন ৰাজ্যৰ সমান্তৰালকৈ কেন্দ্ৰীয় শাষিত অঞ্চল সমূহটো বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা ।
আনহাতে, শুকুৰবাৰ পৰ্যন্ত ভাৰতত কৰ'ণা আক্ৰান্ত সংখ্যাৰ হৈছে মুঠ ৮,২০,৯১৬ গৰাকী । ইায়ৰ ভিতৰত ২,৮৩,৪০৭ গৰাকীৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৫,১৫,৩৮৬ গৰাকী ব্যক্তি ।