নিউজ ডেস্ক,7 জুলাই: ভাৰতবৰ্ষত COVID-19ৰ সংক্ৰমণ বৃদ্ধি পালে 7,19,665 গৰাকী লোকলৈ । সমান্তৰালকৈ দেশত মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে 20,160 গৰাকীলৈ । বৰ্তমান ভাইৰাছবিধ সক্ৰিয় অৱস্থাত আছে 2,59,557 গৰাকী লোকৰ দেহত ৷ এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে 4,39,947 গৰাকী লোকে । বৰ্তমানেও COVID আক্ৰান্তৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ ।
মহাৰাষ্ট্ৰত মঙলবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে 2 লক্ষাধিক । ৰাজ্যখনত বৰ্তমানলৈ COVID-19 ত আক্ৰান্ত হৈছে 2,11,987 গৰাকী লোক । COVID সংক্ৰমণৰ ক্ষেত্ৰত তামিলনাডু আৰু দিল্লী আছে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত । দেশৰ ভিন্ন ৰাজ্যত COVID-19 শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...
লগতে চাওকঃ স্থলসেনাৰ আৰ্টিলাৰী মোতায়েনৰ বাবে বিআৰঅ'ই নিৰ্মাণ কৰিলে দলং