ETV Bharat / bharat

দেশত ২৪ ঘণ্টাত সৰ্বাধিক ৯,৯৭১ গৰাকী লোক কোভিড ১৯ ত আক্ৰান্ত

author img

By

Published : Jun 7, 2020, 12:46 PM IST

কোভিড ১৯ আক্ৰান্ত লোকৰ ক্ষেত্ৰত এসময়ত কালৰূপ ধাৰণ কৰা ইটালীক চেৰ পেলাইছে ভাৰতে। সম্প্ৰতি কোভিড ১৯ আক্ৰান্ত হোৱা বিশ্বৰ ২১৩ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসূহৰ ভিতৰত ৬নং স্থানত আছে ভাৰত।

covid 19 india
covid 19 india records highest single day spike of 9971 cases deaths near 7000 mark

নিউজ ডেস্ক,৭ জুনঃ দেশত 'আনলক ৱান' আৰম্ভ হোৱাৰ লগে লগে দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড ১৯ আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৯,৯৭১ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড ১৯ত। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি সমগ্ৰ দেশতে ২, ৪৬,৬২৮ গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ইয়াৰ ভিতৰত ১,২০,৪০৬ গৰাকী লোক চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে এই মহামাৰীত মৃত্যুমুখত পৰিছে ৬,৯২৯ গৰাকী লোক। তদুপৰি এই ৰোগৰ পৰা উপশম লাভ কৰিছে ১,১৯,২৯৩ গৰাকীয়ে।

ইতিমধ্যে এসময়ত কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰা ইটালীক চেৰ পেলাইছে ভাৰতে। সম্প্ৰতি কোভিড ১৯ আক্ৰান্ত হোৱা বিশ্বৰ ২১৩ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসূহৰ ভিতৰত ৬নং স্থানত আছে ভাৰত। এই তালিকাৰ প্ৰথম স্থানত আমেৰিকা থকাৰ বিপৰীতে দ্বিতীয় স্থানত ব্ৰাজিল আৰু তৃতীয় স্থানত আছে ৰাছিয়া। কোভিড ১৯ আক্ৰান্ত দেশসমূহৰ ভিতৰত ভাৰত ষষ্ঠ স্থানত থাকিলেও কিন্তু মৃত্যুৰ হাৰ যথেষ্ঠ কম।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.