নিউজ ডেস্ক, ২৫ জুনঃ কৰ্মচাৰীৰ মাহিলী দৰমহাৰ পৰা এদিনৰ দৰমহা কৰ্তন সন্দৰ্ভত উত্তৰাখণ্ড চৰকাৰৰ উত্তৰ বিচাৰিছে উচ্চ ন্যায়ালয়ে। মহামাৰী কোভিড-১৯ৰ সংকটৰ সময়তে প্ৰতিমাহে কৰ্মচাৰীসকলৰ মাহিলী দৰমহাৰ পৰা এদিনৰ দৰমহা কৰ্তন কৰাৰ কথা উল্লেখ কৰিছিল উত্তৰাখণ্ড চৰকাৰে।
ন্যায়াধীশ সুধাংশু ঘুলিয়াৰ বিচাৰপীঠে বুধবাৰে চৰকাৰক কি অধিকাৰৰ ভিত্তিত এই আদেশ জাৰি কৰিছে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ন্যায়ালয়ে ৰাজ্য চৰকাৰক দুই দিনৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। শুকুৰবাৰ অৰ্থাৎ ২৬ জুনত পুনৰ এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে।

কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে ৰাজ্য চৰকাৰৰ অন্তৰ্গত সকলো বিভাগৰ কৰ্মচাৰীৰ এদিনৰ বেতন মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত জমা কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। নিৰ্দেশ অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত প্ৰতিমাহে এদিনৰ বেতন কৰ্তন কৰা হ'ব। এই সন্দৰ্ভত দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে কিয় এই নিৰ্দেশ জাৰি কৰিছে তাৰ উত্তৰ বিচাৰে।
চলিত বৰ্ষৰ ২৯ মে'ত বিত্ত সচিবৰ তৰফৰ পৰা জাৰি কৰা হৈছিল এই নিৰ্দেশ । এই সন্দৰ্ভত আৱেদনকাৰীৰ অধিবক্তাই আদালতত উল্লেখ কৰে যে, "দৰমহা কৰ্মচাৰীৰ নিজা সম্পত্তি। চৰকাৰে ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰীলৈ প্ৰতিমাহে এদিনৰ বেতন কৰ্তন কৰাৰ কোনো অধিকাৰ নাই।"