ETV Bharat / bharat

প্লাজমা থেৰাপি দিয়াৰ পাছত ক্ৰমাত্ সুস্থ হৈ উঠিছে স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন - coronavirus disease

কোভিড-১৯ত আক্ৰান্ত হৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শুকুৰবাৰে দিল্লীৰ চকেতস্থিত মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈনক। উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে অক্সিজেন দি ৰখা হৈছিল মন্ত্ৰীগৰাকীৰ। প্লাজমা থেৰাপি দিয়াৰ পাছত কিছু উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা।

সৈতেন্দ্ৰ জৈন
COVID-19: Delhi Health Minister's condition improves
author img

By

Published : Jun 21, 2020, 5:04 PM IST

নিউজ ডেস্ক, ২১ জুনঃ ক্ৰমাত্ সুস্থ হৈ উঠিছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন। প্লাজমা থেৰাপি দিয়াৰ পাছত লাহে লাহে মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই দেওবাৰে জানিবলৈ দিয়ে। বিগত কেইবাদিন ধৰি কোভিড-১৯ ত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছে স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন।

"প্লাজমা থেৰাপি দিয়াৰ পাছত ক্ৰমাত্ দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন সুস্থ হৈ উঠিছে। জ্বৰৰ মাত্ৰা কম হোৱাৰ লগতে তেখেতৰ দেহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি পাইছে। সম্প্ৰতি উশাহ-নিশাহত বিশেষ কষ্ট পোৱা নাই মন্ত্ৰীগৰাকীয়ে। সোমবাৰৰ ভিতৰত তেখেতক জেনেৰেল ৱাৰ্ডলৈ পঠিওৱা হ'ব বুলি চিকিত্সকে উল্লেখ কৰিছে।" মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত দিল্লীৰ স্বাস্থ্য মন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে প্ৰকাশ কৰে এই কথা।

উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্ত হৈ সৈতেন্দ্ৰ জৈনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শুকুৰবাৰে দিল্লীৰ চকেতস্থিত মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে তেখেতক অক্সিজেন দি ৰখা হৈছিল।

প্ৰথমে ১৫ জুনত প্ৰচণ্ড জ্বৰত ভূগি থকাৰ বাবে উত্তৰ-পূৱ দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সৈতেন্দ্ৰ জৈনক। তাৰ পাছতে স্বাস্থ্য বিভাগে তেখেতৰ দেহত কোভিড-১৯ৰ উপস্থিতি লাভ কৰা বুলি প্ৰকাশ কৰিছিল।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.