ETV Bharat / bharat

বৰ্তমানলৈকে দেশত COVID-19 ৰ বক্ৰ ৰেখাডাল সমান : লাভ আগৰৱাল

author img

By

Published : May 5, 2020, 12:08 AM IST

বৰ্তমানলৈকে দেশত COVID-19 ৰ বক্ৰ ৰেখাডাল সমান হৈ আছে ৷ সকলোকে এতত্ৰিত হৈ ৰোগ প্ৰতিৰোধৰ বাবে আহ্বান লাভ আগৰৱালৰ ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব
লাভ আগৰৱাল

নেশ্যনেল ডেস্ক, 4 মে' : বৰ্তমানলৈকে ভাৰতত COVID-19 ৰ বক্ৰ ৰেখাডাল সমান হৈ আছে আৰু সকলোৱে একত্ৰিত হৈ প্ৰচেষ্টা আগবঢ়ালে ৰেখাডাল কেতিয়াও উৰ্ধগামী নহয় বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে ৷ এক প্ৰেছ বিজ্ঞপ্তিত এই মন্তব্য কৰে লাভ আগৰৱালে ৷

আগৰৱালে কয়, "লকডাউন আৰু কনটেইনমেন্টৰ ফলত বহু লোক আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পৰিল ৷ COVID-19 ৰ বক্ৰ ৰেখাডাল সমান হৈ আছে ৷ ৰেখাডাল উৰ্দ্ধলৈ যোৱাটো ভাল আগজাননী নহ'ব ৷ আমি জানো যে, ৰোগবিধ কিদৰে প্ৰতিৰোধ কৰিব লাগে ৷ আমি সকলোৱে একত্ৰিতভাৱে কাম কৰিলে ৰেখাডাল কেতিয়াও উৰ্ধগামী নহয় ৷ আমি এই সময়ত বিফল হ'লে সকলোৱে বেয়া পৰিস্থিতি প্ৰত্যক্ষ কৰিব লাগিব ৷"

তেওঁ লগতে কয়, "ভাৰতত আৰোগ্যৰ হাৰ 27.52 শতাংশ ৷ যোৱা 24 ঘন্টাত 1,074 লোক আৰোগ্য হৈছে ৷ বৰ্তমানলৈকে 11,706 লোক আৰোগ্য হৈ উঠিছে ৷"

উল্লেখ্য় যে, সোমবাৰ পৰ্যন্ত দেশত COVID-19 ত মৃত্যু হোৱা লোকৰ সংখ্য়া 1,389 লৈ বৃদ্ধি পাইছে ৷ আনহাতে, আক্ৰান্তৰ সংখ্যা 42,836 জন হৈছেগৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.