ETV Bharat / bharat

3 মে'ৰ পাচত এসপ্তাহৰ বাবে জিলাসমূহক ৰেড, গ্ৰীণ জ'নত বিভক্ত

দেশৰ 130 খন জিলাক ৰেড জ'ন, 284 খন জিলাক অৰেঞ্জ জ'ন আৰু 319 খন জিলাক গ্ৰীণ জ'ন হিচাপে চিহ্নিত ৷ কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ ঘোষণা ৷

author img

By

Published : May 1, 2020, 9:41 PM IST

কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ ঘোষণা
জিলাসমূহক ৰেড, গ্ৰীণ জ'নত বিভক্ত

নেশ্য়নেল ডেস্ক, 1 মে' : COVID-19 পজিটিভ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ জিলাসমূহক ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ'নত বিভক্ত কৰা হৈছে বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ পজিটিভ ঘটনাৰ দুগুণ বৃদ্ধিৰ হাৰ, নমুনা পৰীক্ষণ আৰু পৰ্যালোচনাৰ পাচত প্ৰদান কৰা প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ 130 খন জিলাক ৰেড জ'ন, 284 খন জিলাক অৰেঞ্জ জ'ন আৰু 319 খন জিলাক গ্ৰীণ জ'ন হিচাপে চিহ্নিত কৰা হৈছে ৷

কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ ঘোষণা
জিলাসমূহক ৰেড, গ্ৰীণ জ'নত বিভক্ত

3 মে'ৰ পৰা এসপ্তাহৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই জিলাসমূহৰ শ্ৰেণী বিভাজন মানি চলিব লাগিব বুলি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ৷ প্ৰতি সপ্তাহৰ অন্তত এই জিলাসমূহৰ শ্ৰেণী বিভাজনৰ ওপৰত পৰ্যালোচনা কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে ৷

মেট্ৰ'পলিটান চহৰ যেনে মুম্বাই, দিল্লী, কলিকতা, হাইদৰাবাদ, পুনে, বাংগালুৰু আৰু আহমেদাবাদক নতুন শ্ৰেণী বিভাজনত ৰেড জ'ন হিচাপ চিহ্নিত কৰা হৈছে ৷ মুখ্য সচিব আৰু ৰাজ্যসমূহৰ স্বাস্থ্য সচিবসকলৰ সৈতে 30 এপ্ৰিলত এক ভিডিঅ' কনফাৰেন্সৰ আয়োজন কৰি জিলাসমূহৰ শ্ৰেণী বিভাজন কৰে কেবিনেট সচিবে ৷

কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ ঘোষণা
জিলাসমূহক ৰেড, গ্ৰীণ জ'নত বিভক্ত

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ পত্ৰৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সচিব প্ৰীতি চুডানে কয়, "COVID-19 ক সঠিকভাৱে নিয়ন্ত্ৰিত কৰিবৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাটো সুনিশ্চিত কৰা অতি প্ৰয়োজনীয় ৷"

"যিহেতু আৰোগ্য লোকৰ সংখ্যা বৃদ্ধি পাইছে সেয়েহে সকলো দিশৰ ওপৰত নিৰ্ভৰ কৰি জিলাসমূহক বিভিন্ন ভাগত বিভক্ত কৰা হৈছে" - চুডানে কয় ৷

চুডানে প্ৰেৰণ কৰা পত্ৰ অনুসৰি, এখন জিলাত যদি বৰ্তমানলৈকে অথবা যোৱা 21 দিনৰ ভিতৰত কোনো লোক COVID-19 ত আক্ৰান্ত হোৱা নাই তেন্তে সেই জিলাখন গ্ৰীণ জ'ন হিচাপে চিহ্নিত কৰা হ'ব ৷ ইয়াৰোপৰি, ক্ৰমে 28 আৰু 14 দিনত যদি কোনো জিলাত কৰ'ণা ভাইৰাছ পজিটিভ লোক পোৱা নাই তেন্তে ৰেড জ'ন অথবা অৰেঞ্জ জ'নসমূহ গ্ৰীণ জ'নলৈ পৰিণত হ'ব বুলি জনোৱা হৈছে ৷

উল্লেখ্য যে, শেহতীয়া তালিকা অনুসৰি, দিল্লীৰ 11 খন জিলা ৰেড জ'ন হিচাপে পৰিগণিত হৈছে ৷ মহাৰাষ্ট্ৰৰ 14 খন ৰেড জ'ন, 16 খন অৰেঞ্জ জ'ন আৰু 6 খন গ্ৰীণ জ'ন, গুজৰাটৰ 9 খন ৰেড জ'ন, 19 খন অৰেঞ্জ জ'ন আৰু 5 খন গ্ৰীণ জ'ন হিচাপে চিহ্নিত কৰা হৈছে ৷ মধ্যপ্ৰদেশৰ 9 খন, ৰাজস্থানৰ 8 খন, উত্তৰ প্ৰদেশৰ 19 খন, তামিলনাডুৰ 12 খন, তেলেংগানাৰ 6 খন, অন্ধ্ৰ প্ৰদেশৰ 5 খন, পশ্চিমবংগৰ 10 খন ৰেড জ'ন হিচাপে চিনাক্ত কৰা হৈছে ৷

আনহাতে, অসম, হিমাচল প্ৰদেশ, লাডাখ, মেঘালয়, পণ্ডিচেৰী আৰু ত্ৰিপুৰাত কোনো জিলাক ৰেড জ'ন হিচাপে চিহ্নিত কৰা নাই ৷ উল্লেখ্য যে, শুকুৰবাৰৰ দিনৰ ভাগলৈ ভাৰতত COVID-19 ত আক্ৰান্তৰ সংখ্য়া 35,043 হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে 1,147 জনৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.