ETV Bharat / bharat

অৰ্ধ সামাৰিক বাহিনীত COVID-19 আক্ৰান্তৰ সংখ্যা ৭৫০ লৈ বৃদ্ধি - BSF বাহিনীত সৰ্বাধিক আক্ৰান্ত

বিগত ২৪ ঘণ্টাত ইণ্ডো-তিব্বতিয়ান সীমান্ত আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে COVID-19 ৰ মুঠ ৫৬ টাকৈ আক্ৰান্তৰ ঘটনা । বৰ্তমান দেশৰ অৰ্ধ সামাৰিক বাহিনীত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পাই হৈছেগৈ ৭৫০ জন ৷

COVID-19 cases in paramilitary forces rise to 750 with 56 new cases

author img

By

Published : May 11, 2020, 8:44 AM IST

নিউজ ডেস্ক, ১১ মে': ভাৰতত ক্ৰমাৎ ভয়াৱহতাৰ দিশে অগ্ৰসৰ হৈছে COVID-১৯ ৰ পৰিস্থিতি । দেশত ৬৫ হাজাৰ আক্ৰান্তৰ সংখ্য়া অতিক্ৰম কৰাৰ বিপৰীতে দেশখনৰ অৰ্ধ সামৰিক বাহিনীতো দিনক-দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ।

৭৫০ লৈ বৃদ্ধি ভাৰতৰ অৰ্ধ সামাৰিক বাহিনীত COVID-19 ৰ আক্ৰান্ত !

দেওবাৰে এক সূত্ৰৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ অৰ্ধ সামৰিক বাহিনীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে মুঠ ৭৫০ জন । শেহতীয়াকৈ ইণ্ডো-তিব্বতিয়ান সীমান্ত আৰক্ষী (ITBP) ৰ বহু কেইজন জোৱানৰ দেহত COVID-১৯ ৰ অৱস্থিতি ধৰা পৰা পিছতেই উৰ্ধগামী হৈছে এই পৰিসংখ্যা ।

বিগত ২৪ ঘণ্টাত ইণ্ডো-তিব্বতিয়ান সীমান্ত আৰক্ষীৰ ৫৬ গৰাকী জোৱানৰ COVID-১৯ ৰ পৰীক্ষণৰ ফলাফল পজিটিভ পোৱা গৈছে । এই আটাইকেইটা আক্ৰান্তৰ ঘটনা দিল্লীৰ বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে ইণ্ডো-তিব্বতিয়ান সীমান্ত আৰক্ষীত মুঠ আক্ৰান্ত হৈছে ১৫৬ গৰাকী জোৱান ।

দেওবাৰে ৩৩ বছৰীয়া NSG ৰ স্বাস্থ্য় বিষয়াৰ দেহতো COVID-১৯ ৰ অৱস্থিতি ধৰা পৰিছিল । আনহাতে BSF বাহিনীত দেওবাৰে নতুনকৈ ৮ টা ঘটনা পোহৰলৈ আহিছে । ইয়াৰ লগে-লগে BSF ত আক্ৰান্তৰ সংখ্যা অৰ্ধ সামৰিক বাহিনীৰ ভিতৰত সৰ্বাধিক ২৭৬ লৈ বৃদ্ধি পাইছে । CRPF বাহিনীত দেওবাৰে ১ টা ঘটনা পোহৰলৈ আহিছে । বৰ্তমানলৈকে CRPF ৰ ২৩৮ গৰাকী জোৱান আক্ৰান্ত । ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে দুজনে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ বিপৰীতে বিগত ২৪ ঘণ্টাত CISF ত ১৮ টাকৈ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ লগে-লগে মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ৬৪ জন । আনহাতে SSB বাহিনীত বৰ্তমানলৈ ১৮ টা ঘটনা ধৰা পৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.