ETV Bharat / bharat

বিদেশত নিহত যুৱকৰ মৃতদেহ আনিবলৈ কেন্দ্ৰলৈ জাননী আদালতৰ

author img

By

Published : Apr 26, 2020, 12:24 PM IST

ইটিভি ভাৰতৰ সহকাৰী নিউজ এডিটৰ কৃষ্ণানন্দ ত্ৰিপাঠীয়ে দিল্লী হাই কোৰ্টে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা জাননী সন্দৰ্ভত লিখিছে । কমলেশ ভাট নামৰ আবু ধাবীত নিহত হোৱা ভাৰতীয় যুৱকজনৰ মৃতদেহ দিল্লীলৈ ওভোটাই অনা সন্দৰ্ভত ইয়াত উল্লেখ কৰা হৈছে ।

বিদেশত নিহত যুৱকৰ মৃতদেহ আনিবলৈ কেন্দ্ৰলৈ জাননী আদালতৰ
বিদেশত নিহত যুৱকৰ মৃতদেহ আনিবলৈ কেন্দ্ৰলৈ জাননী আদালতৰ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ দিল্লী উচ্চ ন্যায়ালয়ে আজি এক জাননী জাৰী কৰি কেন্দ্ৰীয় চৰকাৰক ২৩ বছৰীয়া কমলেশ ভাটৰ মৃতদেহ ভাৰতলৈ আনিবলৈ কয় । পূবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা অনুমতি ল'বলৈ কমলেশ ভাটৰ পৰিয়ালক নিৰ্দেশ দিছিল । এনে অৱস্থাত পৰিয়ালটো অধিক চিন্তাক্লিষ্ট হৈ পৰিছিল । কিন্তু মৃত কমলেশৰ ভাতৃ বিমলেশ ভাটে এই সন্দৰ্ভত দিল্লী উচ্চ ন্য়ায়ালয়ত ব্যুৰো অৱ ইমিগ্ৰেশ্যন বিষয়াসকলৰ বিৰুদ্ধে আবেদন দাখিল কৰে । ২২-২৩ এপ্ৰিলৰ নিশা, Etihad বিমানসেৱাৰ বিমান EY9809ৰ পৰা কমলেশ ভাটৰ মৃতদেহ নমাবলৈ অপৰাগতা প্ৰকাশ কৰিছিল এইসকল বিষয়াই ।

লগতে পঢ়কঃ বিদেশত প্ৰবাসী ভাৰতীয়ৰ মৃত্যু জনস্বাৰ্থজনিত আৱেদন দাখিল

দেশযোৰা লক ডাউনৰ মাজতে বিমলেশে এক বিশেষ পাছ যোগাৰ কৰি দিল্লী বিমানবন্দৰত উপস্থিত হৈছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই মৃতদেহটো নমাবলৈ অস্বীকাৰ কৰাৰ লগতে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলী দেখুৱাই এইদৰে মৃতদেহটো নমাবলৈ অস্বীকাৰ কৰে ।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি,বিমানখনে তিনিগৰাকীকৈ ভাৰতীয়ৰ মৃতদেহ কঢ়িয়াই আনিছিল আৰু তাৰ ভিতৰত কমলেশ ভাটৰ মৃতদেহো আছিল । কিন্তু এইদৰে ব্যুৰো অৱ ইমিগ্ৰেশ্যনৰ বিষয়াসকলে মৃতদেহটো নমাবলৈ অস্বীকাৰ কৰাৰ পিচতে তাক পুনৰ ইউএইলৈ ওভোটাই পঠিওৱা হয় ।

বন্ধৰ দিনত বিশেষ শুনানি গ্ৰহণ দিল্লী উচ্চ ন্যায়ালয়ৰ

“যাৱতীয় পাৰপত্ৰ থকাৰ পিচটো দিল্লী বিমানবন্দৰত সংশ্লিষ্ট কৰ্তৃপক্ষই মৃতদেহটো নমাবলৈ অপৰাগতা প্ৰকাশ কৰিছিল আৰু ইয়াক পুনৰাই ইউএইলৈ একেখন বিমানতে ওভোটাই পঠিয়াবলগীয়া হোৱাটো নিন্দাজনক” বুলি দিল্লী উচ্চ ন্যায়ালয়ে চৰকাৰলৈ জাৰী কৰা নিৰ্দেশনাত উল্লেখ কৰে ।

ঋতুপৰ্ণ উনীয়াল, বিমলেশ ভাটৰ অধিবক্তাগৰাকীয়ে, মৃত কমলেশ ভাটৰ মৃতদেহটো ভাৰতলৈ ওভোটাই অনাৰ লগতে পৰিয়ালৰ লোকে যাতে তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশনা বিচাৰে । পৰিয়ালৰ লোকে আদালতক জনোৱা অনুসৰি,আবু ধাবিলৈ কমলেশৰ মৃতদেহটো ওভোটাই লৈ যোৱাৰ পিচত কি হৈছে তাক লৈ তেওঁলোক জ্ঞাত নহয় ।

লগতে পঢ়কঃ নাৰী দেহ ব্যৱসায়ীৰ কৱলত অসমৰ নাবালিকা, HIVত আক্ৰান্ত !

এক ভিডিঅ' কনফাৰেন্সযোগে হোৱা শুনানিৰ পিচতে নিৰ্দেশনাটোত ন্যায়াধীশ সঞ্জীৱ সচদেৱাই কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰী কৰে যাক দিল্লী উচ্চ ন্যায়ালয়ত থকা কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী কাউন্সেল কীৰ্তিমান সিঙে গ্ৰহণ কৰে ।

অতিৰিক্ত চলিচিটৰ জেনেৰেল মনিন্দৰ আচাৰ্যই আদালতক জনোৱা অনুসৰি,চৰকাৰে সংশ্লিষ্ট দূতাবাসৰ দ্বাৰা মৃতদেহটো ক'ত তথা কি পৰিস্থিতিত আছে তাক বিচাৰি উলিয়াব ।

মৃত কমলেশ ভাটৰ পিতৃ-মাতৃক তেওঁৰ অন্তিম সংস্কাৰৰ পৰা বঞ্চিত কৰা চৰকাৰী আমোলাসকলৰ মাজৰ সহযোগিতাৰ অভাৱৰ বাবেই এইদৰে বন্ধৰ দিনত আদালতে বিশেষ শুনানি গ্ৰহণ কৰে ।

বিদেশত মৃত্য়ুমুখত পৰা কমলেশ ভাটৰ পিতৃ-মাতৃয়ে এই দুখৰ দিনতো নিজ পুত্ৰৰ মৃতদেহটো দেশলৈ অনা হোৱাৰ পিচত পুনৰ ওভোটাই পঠিওৱা হোৱাটো একমাত্ৰ গৃহমন্ত্ৰালয়ে জাৰী কৰা নতুন নিয়মাৱলীৰ কোনো কপি নিদিয়াকৈয়ে সংঘটিত হয় । ইয়াকে লৈ পিতৃ-মাতৃয়ে অস্বস্তিত পৰা পৰলক্ষিত হয় ।

মানৱতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সন্মানীয় ন্যায়াধীশ সঞ্জীৱ সচদেৱাই বন্ধৰ দিনটো দিল্লী ন্যায়ালয়ত উপস্থিত হৈ ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা শুনানিত অংশগ্ৰহণ কৰা বুলি অধিবক্তা ঋতুপৰ্ণ উনীয়ালে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে । দুয়োপক্ষৰ অধিবক্তাকেইগৰাকীয়ে নিজৰ নিজৰ ঠাইৰ পৰাই এইদৰে ভাৰ্চুৱেল পদ্ধতিৰে শুনানিত অংশগ্ৰহণ কৰা বুলিও তেওঁ লগতে উল্লেখ কৰে ।

লগতে পঢ়কঃ COVID-19 আক্ৰান্ত হোৱা ইটিভি ভাৰতৰ সংবাদ দাতা এম মনিকান্দনৰ কথাৰে.....

অতিৰিক্ত চলিচিটৰ জেনেৰেল মনিন্দৰ আচাৰ্যই জনোৱা অনুসৰি, সমগ্ৰ বিষয়টো ভাৰত চৰকাৰৰ এক উচ্চ পৰ্যায়ত আলোচনা কৰা হৈছে আৰু ভৱিষ্যতে পৰিয়ালটোৱে যাতে কোনো সমস্য়াৰ সন্মুখীন নহয় তাৰ বাবে উন্নত কাৰ্যকৰী নীতি গ্ৰহণ কৰা হৈছে । সমগ্ৰ বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে সোমবাৰলৈ আগবঢ়াই দিয়ে আদালতে ।

একেই ঘটনাৰ আধাৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে স্পষ্টীকৰণ প্ৰদান কৰে । গৃহ মন্ত্ৰালয়ে বিদেশত নিহত ভাৰতীয় নাগৰিক আৰু OCI কাৰ্ডহোল্ডাৰসকলৰ মৃতদেহ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা যাৱতীয় অনুজ্ঞা লৈ গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল ।

আদালতৰ ক্ষীপ্ৰ সিদ্ধান্ত লোৱাত অৰিহণা !

গাল্ফ অঞ্চলটোত থকা সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আবু ধাবিত এতিয়াও তিনিগৰাকী ভাৰতীয়ৰ মৃতদেহ আছে । ইয়াৰ এগৰাকী উত্তৰাখণ্ডৰ আৰু আন দুগৰাকী পঞ্জাৱৰ বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ মৃতদেহসমূহ ভাৰতলৈ ওভোটাই পঠিওৱাৰ বাবে ৰখাই থোৱা হৈছে ।

এই আটাইকেইটা মৃতদেহ Etihadৰ বিমান সংখ্যা EY 9809ৰ দ্বাৰা ২২-২৩ এপ্ৰিলৰ নিশা ভাৰত আহি পাইছিল যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰী কৰা নতুন নীতি অনুসৰি,পুনৰ ওভোটাই পঠিওৱা হৈছিল ।

ৰাষ্ট্ৰযোৰা লক ডাউনৰ মাজতো পৰিয়ালৰ লোকসকলে নতুন দিল্লীত উপস্থিত হৈছিল যদিও ইমিগ্ৰেশ্যন কৰ্তৃপক্ষই মৃতদেহসমূহ নমোৱাত অপৰাগতা প্ৰকাশ কৰি পুনৰ ওভটাই পঠিয়াই ।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি,তিনিওগৰাকীৰ এজনো কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা নাছিল । ইটিভি ভাৰতৰ হাতত আহি পৰা কমলেশ ভাটৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, মৃত্যুৰ কাৰণ আছিল হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱা ।

লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : বিদেশত মৃত্যু হোৱা ভাৰতীয়ৰ মৃতদেহ গ্ৰহণ কৰিব পাৰিব পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.