আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক চিকেন লেগ অৰ্থাৎ কুকুৰাৰ ঠেঙৰ আমদানি কৰ হ্ৰাস কৰাৰ বাবে দিয়া হেঁচাৰ বাবে ঘৰুৱা হাঁহ-কুকুৰা পালকসকল চিন্তিত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে আমেৰিকা ভ্ৰমণ কৰাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমেৰিকালৈ যোগান ধৰা হাঁহ-কুকুৰাৰ ওপৰত আমদানি কৰৰ বিষয়ে বাৰম্বাৰ উল্লেখ কৰিছিল। আমেৰিকাত সমাগত নিৰ্বাচনত লাভ আদায় কৰিবলৈ ট্ৰাম্পে এয়া উপায় হিচাপে ব্যৱহাৰ কৰিছে । সূত্ৰ অনুযায়ী যদিহে আমদানি কৰ হ্ৰাস কৰা হয় তেন্তে ভাৰতৰ হাঁহ-কুকুৰা উদ্যোগটো গভীৰ সংকটৰ সন্মুখীন হ’ব। সেয়ে হাঁহ-কুকুৰা বা পশু পালকসকলে ভাৰত চৰকাৰে যাতে ট্ৰাম্পৰ প্ৰস্তাৱত সৈমান নহয় তাৰ বাবে অনুৰোধ তথা দাবী কৰি আহিছে।
বিশ্বজুৰি কুকুৰাৰ মাংস গ্ৰহণৰ হাৰ বৃদ্ধি পোৱাৰ বাবে ভাৰতৰ উদ্যোগটো ক্ৰমশঃ পুনৰুজ্জীৱিত হৈ পৰিছে। কিন্তু আমেৰিকাৰ পৰা বৃহৎ পৰিমাণে চিকেন লেগৰ আমদানিৰ খবৰে দেশৰ উৎপাদকসকলক চিন্তিত কৰি তুলিছে। যদি এয়া হয়, হাঁহ-কুকুৰাৰ মাংসৰ দাম হ্ৰাস হ’ব আৰু দেশীয় উদ্যোগটো ক্ষতিগ্ৰস্ত হ’ব। সম্প্ৰতি ভাৰতে হাঁহ-কুকুৰাৰ আমদানিত ১০০ শতাংশ কৰ আৰোপ কৰে। কিন্তু আমেৰিকাই এই কৰৰ হাৰ ৩০ শতাংশ হোৱাটো বিচাৰে। বিগত দিনত মাংস আৰু হাঁহ-কুকুৰাৰ দাম কম হোৱাৰ বাবে এই উদ্যোগটো লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল । শেহতীয়াকৈ মানুহৰ মাজত মাংস ভক্ষণৰ হাৰ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি হাঁহ-কুকুৰা পালক বা ছয়াবিন-মেইজ আদিৰ খেতিয়কসকলে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত আশাৰ ৰেঙণি বিচাৰি পাইছিল। উদ্যোগটোৰ সূত্ৰৰ পৰা দিয়া সতৰ্কবাণী অনুসৰি এই পৰ্যায়ত বিদেশী সামগ্ৰীৰ আমদানি কৰাটো ক্ষতিকাৰক হ’ব ।
আমেৰিকাৰ পৰা কুকুৰাৰ ঠেং আমদানিৰ আমোদজনক কাৰণ আছে। আমেৰিকাৰ লোকসকলে মূলতঃ কুকুৰাৰ বুকুৰ অংশটোহে খোৱাৰ বাবে পছন্দ কৰে। কাৰণ এই অংশত চৰ্বি কম থাকে। যাৰ ফলত তেওঁলোকে কুকুৰাৰ ঠেং খাব নিবিচাৰে। বুকুৰ অংশতকৈ কুকুৰাৰ ঠেঙত অধিক চৰ্বি থকা বুলি কোৱা হয়। যাৰ ফলত ঠেঙতকৈ বুকুৰ অংশৰ মাংসক প্ৰাধান্য দিয়া হয়। লগতে আমেৰিকানসকলে খাবলৈ সৰু চুৰী আৰু কাঁটা চামুচ ব্যৱহাৰ কৰে। তেওঁলোকে ঠেঙৰ অংশ খাবলৈ ভাল নোপোৱাৰ কাৰণ আন এটা হ’ব পাৰে । কাৰণ খোৱা টেবুলত চিকেন লেগ টানি থকাটো বহু সময়ত লাজ লগা হৈ পৰে। গতিকে সমগ্ৰ আমেৰিকাতে চিকেন লেগৰ চাহিদা তেনেই নগণ্য । কুকুৰাৰ ঠেং সমূহ অকল ৰেফ্ৰিজাৰেটৰৰ কোঠাতহে জমা কৰি ৰখা হয়।
পূ্ৰ্বতে আমেৰিকাই তৃতীয় বিশ্বৰ দেশসমূহ, ইউৰোপিয়ান ইউনিয়ন আৰু চীনক চিকেন লেগৰ যোগান ধৰিছিল। কিন্তু এই দেশসমূহৰ বজাৰ ক্ৰমশঃ মাংসৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হৈ উঠে । চীনৰ লগত তীব্ৰ ব্যৱসায়িক সংঘাত আৰু চীনত হাঁহ-কুকুৰাৰ উৎপাদন বৃদ্ধিৰ ফলতেই আমেৰিকাৰ দৃষ্টি ভাৰতৰ দিশত ঢাল খাইছে । ১৩৫ কোটি জনসংখ্যাৰ ভাৰতীয় বজাৰখন আমেৰিকাৰ বাবে গভীৰ আশা-প্ৰত্যাশাৰ কাৰণ। যিহেতু ভাৰতীয়সকলে চিকেন লেগ বা ড্ৰামছ ষ্টীকছ পছন্দ কৰে সেয়ে আমেৰিকাৰ সকলোবোৰ উৎপাদন ভাৰতত জাপি দিবলৈ দেশখনে এখন উপযুক্ত বজাৰ লাভ কৰিছে । আমেৰিকাত কুকুৰাৰ মাংস আটাইতকৈ সস্তা। সেয়ে আমেৰিকাত উৎপাদিত মাংসই যে অতি কম দামত ভাৰতৰ বজাৰ দখল কৰি ল’ব সেয়া নিশ্চিত ।
ভাৰতৰ বাৰ্ষিক জিডিপিত হাঁহ-কুকুৰাৰ উদ্যোগ খণ্ডৰ অৱদানৰ পৰিমাণ প্ৰায় এক ত্ৰিলিয়ন । দেশত প্ৰায় ন হাজাৰ কোটি কণী বছৰি উৎপাদন হয় । চীনৰ পাছত ভাৰতেই পৃথিৱীৰ সৰ্বাধিক কণী উৎপাদনকাৰী দেশ । প্ৰায় ৪০০ মিলিয়ন ব্ৰইলাৰ কুকুৰা ভাৰতত বছৰি উৎপাদন কৰা হয় । হাঁহ-কুকুৰাৰ উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয়, প্ৰথম আৰু দ্বিতীয় ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন। দৰিদ্ৰ শিশুসকলৰ বাবে কণীক পুষ্টিকৰ খাদ্য বুলি বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰিছে । ভাৰতত প্ৰতিজন ব্যক্তিৰ বিপৰীতে বছৰি কণী ভক্ষণৰ পৰিমাণ ৬৮ টা আৰু কুকুৰাৰ মাংসৰ পৰিমাণ ৩.৫ কিল’গ্ৰাম। কিন্তু ৰাষ্ট্ৰীয় পুষ্টি সংস্থাৰ পৰামৰ্শ মতে এজন লোকে বছৰি ১৮০ টা কণী আৰু ১১ কিল’গ্ৰাম কুকুৰাৰ মাংস খাব লাগে। এই নিৰ্ধাৰিত পৰিমাণত উপনীত হ’বলৈ এই উদ্যোগ খণ্ডটোৰ হাতত বহুত উপায় আছে। হাঁহ-কুকুৰাৰ উদ্যোগৰ সৈতে প্ৰায় ৪০ লাখ নিয়োজিত হৈ থকাৰ লগতে ২০ মিলিয়ন লোক মেইজ আৰু ছয়াবিন খেতিৰ সৈতে জড়িত হৈ আছে । ভাৰতত হাঁহ-কুকুৰাৰ খাদ্য হিচাপে মূলতঃ ছয়াবিন আৰু মাকৈ জাতীয় খাদ্য ব্যৱহাৰ কৰা হয়। খেতিয়কসকলে হাঁহ-কুকুৰা উদ্যোগৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিবলৈ এইবোৰ খেতি কৰে। খেতিৰ প্ৰায় আধা ফচলেই হাঁহ-কুকুৰা উদ্যোগে দখল কৰে। যদিহে দেশৰ হাঁহ-কুকুৰা উদ্যোগটো ক্ষতিগ্ৰস্ত হয় তেন্তে এই খেতিয়কসকলৰো অৱস্থা দুৰ্বিষহ হৈ পৰিব ।
ভাৰতৰ লোকসকলৰ খাদ্যাভাস দ্ৰুত গতিত সলনি হ’বলৈ ধৰিছে। ফাষ্ট ফুড যেনে পিজ্জা-বাৰ্গাৰৰ সৈতে নৱ প্ৰজন্ম অভ্যস্ত হৈ পৰিছে। এই কথা লক্ষ্য ৰাখি আমেৰিকাৰ চিকেনৰ ভাৰতত চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভাৰতীয়সকলে সতেজ খাদ্যহে পছন্দ কৰে। যদিও পশ্চিমীয়া সংস্কৃতিয়ে আগ্ৰাসন কৰিছে-ভাৰতৰ জনসংখ্যাৰ অধিকাংশই সতেজ শাক-পাচলি আৰু মাংসহে খায়। যাৰ বাবে চহৰ-মহানগৰৰ প্ৰতিটো কলনীতে পাচলি বজাৰ আৰু মাংসৰ দোকান থাকে। গতিকে আমি ভাৰতত চিলড্ চিকেনৰ চাহিদাৰ কথাটো ভাৱিব লাগিব ।
উদ্যোগটোৰ প্ৰতিনিধিসকলে কেন্দ্ৰীয় চৰকাৰক আপত্তি কৰা মতে হাঁহ-কুকুৰাৰ মাংসৰ আমদানিৰ কৰ হ্ৰাস কৰিলে দেশৰ কোটি কোটি কৰ্মচাৰীৰ বাবে বিপদ নামি পৰিব। তেতিয়া ফাৰ্ম আৰু প্ৰচেছিং ইউনিটসমূহ বন্ধ হৈ পৰাটো অনিবাৰ্য হৈ পৰিব বুলিও তেওঁলোকে উল্লেখ কৰে । ই গ্ৰাম্য অৰ্থনীতিৰো ক্ষতি কৰিব বুলি আশংকা কৰা হৈছে। দশক দশক ধৰি ভাৰতৰ হাঁহ-কুকুৰা উদ্যোগটোৱে চৰকাৰৰ সহায় অবিহনে চলি আহিছিল। তেনে ক্ষেত্ৰত যদিহে আমেৰিকাৰ সৈতে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়,এই উদ্যোগটো নিশ্চয়কৈ দ্ৰুত গতিৰে নিম্নগামী হৈ পৰিব। উদ্যোগটো ক্ষতিগ্ৰস্ত হোৱাৰ লগতে অনাগত দিনত দেশৰ অৰ্থনীতিকো অন্ধকাৰলৈ থেলি দিব ।
নীল বেণুগোপাল ৰাও