নিউজ ডেস্ক, ৩০ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মংগলবাৰে কোভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে টীকা উপলব্ধ হোৱাৰ পিচতে দেশৰ সকলো জনসাধাৰণক কম মূল্যত সাৰ্বজননীনভাবে টীকা প্ৰদান কৰাৰ পোষকতা কৰে । ইতিমধ্যে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই টীকাকৰণৰ সমীক্ষা আৰু প্ৰস্তুতিৰ বাবে এখন উচ্চ স্তৰীয় কমিটি গঠন কৰি দিয়ে ।
উক্ত বৈঠকত টীকাৰ বিকাশ আৰু প্ৰস্তুতি সন্দৰ্ভতো সমীক্ষা গ্ৰহণ কৰাৰ লগতে কোভিড-১৯ প্ৰতিৰোধৰ বাবে অহৰহ চেষ্টা চলাই থকা বুলি উল্লেখ কৰে ।
লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ভাৰতৰ দৰে এখন জনবহুল দেশত সকলো ব্যক্তিক টীকা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব যাৰবাবে আমি চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক এই কামত নিয়োজিত কৰিব লাগিব । তেখেতে আকৌ জনাই যে, শাৰীৰিকভাবে কমশক্তিশালী ব্যক্তিক প্ৰথমে চিনাক্ত কৰি টীকা দিয়াৰ ব্যৱস্থা কৰিব লাগে । লগতে এই টীকাৰ মূল্য অতি নিম্ন হ'ব লাগে যাতে সকলো লোকে এই টীকা গ্ৰহণ কৰিব পাৰে ।