ETV Bharat / bharat

107 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা - 107 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

মহামাৰী কৰ’ণা ভাইৰাছৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ভাৰতত ৷ বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 107 লৈ ৷ বৰ্তমানলৈকে মৃত্যু হৈছে দুজন লোকৰ ৷

কৰ’ণা ভাইৰাছ, Covid-19, coronavirus updates : total number of coronavirus cases in india goes to 93
93 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা
author img

By

Published : Mar 15, 2020, 10:45 AM IST

Updated : Mar 15, 2020, 12:58 PM IST

নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰী: বিশ্বব্যাপি এতিয়াও সন্ত্ৰাসৰ কাৰক হৈ আছে মহামাৰীৰ Covid-19 ৷ ভাৰতবৰ্ষতো এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 107 জনলৈ ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰে এই তথ্য ৷

ইয়াৰে 76 গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে 17 গৰাকী হৈছে বিদেশী মূলৰ ৷ ইয়াৰ পূৰ্বে শনিবাৰলৈকে ইয়াৰ সংখ্যা আছিল 84 জন ৷ শনিবাৰে কেন্দ্ৰই এই ভাইৰাছক এক ‘Notified Disaster’ হিচাপে আখ্যা দিছে ৷ শেহতীয়াকৈ মহাৰাষ্ট্ৰত বহু কেইটা কৰ’ণা ভাইৰাছত সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ চহৰখনত বৰ্তমালৈকে 32 গৰাকী লোকৰ দেহত ধৰা পৰিছে এই বিজাণু ৷

উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত দুজন ব্যক্তিৰ মৃত্যু হৈছে ৷ কৰ্ণাটকত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছিল দিল্লীত ৷ কৰ্ণাটকত মৃত্যুবৰণ কৰা 76 বছৰীয়া লোকজন আছিল কালবুৰ্গী অঞ্চলৰ ৷ যোৱা 29 ফেব্ৰুৱাৰীত চৌদি আৰৱৰ পৰা ভ্ৰমণ কৰি আহিছিল লোকজনে ৷ বৃহস্পতিবাৰে কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী বি শ্ৰীৰামুলুৱে ব্যক্তিগৰাকীৰ দেহৰ পৰা সংগ্ৰহ কৰা নমুনাত ভাইৰাছ বিধৰ উপস্থিতিৰ কথা ধৰা পৰা বুলি ব্যক্ত কৰিছিল ৷আনহাতে দিল্লীত মৃত্যুবৰণ কৰা লোকজন 68 বৰ্ষীয়ান এগৰাকী মহিলা ৷

এই বিজাণুৰ প্ৰাৰ্দুভাৱ ৰোধিবলৈ বৰ্তমান ভাৰত-বাংলাদেশ সীমান্তৰ মাজত বাছ-ৰে’ল সেৱা বাতিল কৰা হৈছে ৷ আনহাতে দেশৰ বিভিন্ন প্ৰান্ত চিনেমা গৃহ, স্কুল, কলেজ, বিভিন্ন শ্বপিং ম’ল বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানো স্থগিত তথা বাতিল কৰা হৈছে ৷

বিশ্বৰ কিছু প্ৰান্তত কৰ’ণা ভাইৰাছৰ প্ৰভাৱ

চীনত উদ্ভৱ হোৱা এই মাৰাত্মক বিজাণু Covid-19 য়ে প্ৰায় 1,50,000 লোকক আক্ৰান্ত কৰাৰ লগতে এই ভাইৰাছৰ ফলত বিশ্বত মৃত্যু হৈছে প্ৰায় 5,764 লোকৰ ৷ বৰ্তমানলৈকে প্ৰায় 137 খন দেশত বিয়পি পৰিছে এই মাৰাত্মক বিজাণু Covid-19 ৷

Last Updated : Mar 15, 2020, 12:58 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.