নেশ্যনেল ডেস্ক, 25 মাৰ্চ : দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষণ যন্ত্ৰ অথবা অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ সাংসদসকলে নিজৰ সংসদীয় এলেকা উন্নয়ন পুঁজি ব্যয় কৰিব পাৰিব ৷ শেহতীয়াভাৱে সংসদীয় এলেকা উন্নয়ন পুঁজি ব্যৱহাৰৰ অধিনিয়ম অনুসৰি এই ব্যৱস্থা কৰা হৈছে ৷ কংগ্ৰেছ দলৰ সাংসদ বিবেক তাংখকে ধৰি একাংশ সাংসদে আগবঢ়োৱা চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাংসদ তাংখই জনাইছে যে, "এই ক্ষেত্ৰত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৰকাৰক তাৎক্ষণিক সঁহাৰিৰ বাবে ধন্যবাদ জনাইছো ৷"
তেওঁ সাংবাদিকক কয় যে, এতিয়াৰ পৰা সাংসদসকলে প্ৰয়োজন সাপেক্ষে নিজৰ সাংসদ পুঁজি আৰ্তজনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ নিয়ম অনুসৰি সংসদীয় এলেকা উন্নয়ন পুঁজিৰ ধন কেৱল স্থায়ী কামৰ বাবেহে ব্যৱহাৰ কৰিব পৰা গৈছিল ৷