ETV Bharat / bharat

চীনৰ পৰিৱৰ্তে ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত হ'ব "এছিয়া চেম্পিয়নশ্বিপ 2020"

author img

By

Published : Mar 4, 2020, 8:25 PM IST

চীনৰ য়ুহান চহৰৰ পৰিৱৰ্তে ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত হ'ব "এছিয়া চেম্পিয়নশ্বিপ 2020" ৷ বিশ্ব বেডমিন্টন ফেডাৰেচনে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

Coronavirus outbreak: Badminton Asia Championships shifted to Manila
চীনৰ পৰিৱৰ্তে ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত হ'ব "এছিয়া চেম্পিয়নশ্বিপ 2020"

নিউজ ডেস্ক ৰিপৰ্ট,4 মাৰ্চ: চীনত কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ বাবে বিশ্ব বেডমিন্টন ফেডাৰেচনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ চীনৰ য়ুহান চহৰত অনুষ্ঠিত হ'ব লগা "এছিয়া চেম্পিয়নশ্বিপ 2020" ৰ স্থান সলনি কৰি ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব বেডমিন্টন ফেডাৰেচন চমুকৈ BWF য়ে ৷ উল্লেখ্য যে, আগন্তুক 21 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈকে মানিলাত অনুষ্ঠিত হ'ব "এছিয়া চেম্পিয়নশ্বিপ 2020"৷ ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বেডমিন্টন এছিয়াই ৷

উল্লেখ্য যে, এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব লগীয়া খেলুৱৈ সকলৰ সুবিধাৰ্থে তথা বিভিন্ন দেশৰ খেলুৱৈ সকলৰ লগত মানিলাত উপস্থিত হ'ব লগা সকলো বিষয়ববীয়াৰ সুবিধা হোৱাকৈ তেঁওলোকক ভিচা প্ৰদানৰ বাবে ইতিমধ্যে ফিলিপাইনছ বেডমিন্টন এচোছিয়েচনৰ সতে কাম আৰম্ভ কৰিছে বেডমিন্টন এছিয়াই ৷ এই কথা প্ৰকাশ কৰিছে বিশ্ব বেডমিন্টন ফেডাৰেচন চমুকৈ BWF য়ে ৷ লক্ষণীয় যে, "টকিঅ অলিম্পিক 2020" ত অংশগ্ৰহণৰ সুবিধা লাভৰ বাবে এই চেম্পিয়নশ্বিপ খন হ'ব বিশ্বৰ প্ৰতিভাৱন খেলুৱৈ সকলৰ বাবে অন্তিমটো সোণালী সুযোগ ৷ উল্লেখ্য যে, খেলুৱৈ তথা মানিলাত উপস্থিত হ'ব লগা সকলো বিষয়ববীয়াৰ বাবে ভিচা প্ৰদানৰ বাবে আগবঢ়োৱা সহায় সহযোগৰ বাবে ফিলিপাইনছ বেডমিন্টন এছ'চিয়েচনৰ লগতে দেশ খনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে বিশ্ব বেডমিন্টন ফেডাৰেচনে ৷

উল্লেখ্য যে, মাৰাত্মক কৰ'ণা ভাইৰাছৰ ফলত বৰ্তমানলৈকে 3 হাজাৰতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে চীনত ৷ বিগত বৰ্ষৰ শেষৰ ফালে চীনৰ পৰা আৰম্ভ হোৱা এই ভাইৰাছত দেশখনত আক্ৰান্ত হৈছে 80 হাজাৰতকৈও অধিক লোক ৷

লগতে পঢ়কঃ তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অসমত উপস্থিত প্ৰখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.