ETV Bharat / bharat

মধ্যপ্ৰদেশ চৰকাৰে পৰ্যাপ্ত পৰীক্ষণ নকৰাৰ অভিযোগ কমল নাথৰ

author img

By

Published : May 4, 2020, 3:47 PM IST

এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনত পৰ্যাপ্ত পৰিমানে কোভিড-১৯ ৰ পৰীক্ষণ সম্পন্ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে ।

পৰ্যাপ্ত পৰীক্ষণ নকৰাৰ অভিযোগ কমল নাথৰ
পৰ্যাপ্ত পৰীক্ষণ নকৰাৰ অভিযোগ কমল নাথৰ

নিউজ ডেস্ক, ৪ মে' : মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে দেওবাৰে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে কমলনাথে । ভিডিঅ' কনফাৰেন্সযোগে সম্বোধন কৰা সংবাদমেলখনত মধ্যপ্ৰদেশত পৰ্যাপ্ত পৰিমানে কোভিড-১৯ক লৈ পৰীক্ষণ সম্পন্ন কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যখনত কোভিড-১৯ৰ সংখ্যা কমাই ৰাখিবলৈ এইদৰে কম পৰিমানে পৰীক্ষণ সম্পন্ন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে কমলনাথে । ৰাজ্যখনৰ মুখ্য চহৰসমূহক বাদ দি বাকী গাৱলীয়া অঞ্চলৰ বহুসংখ্যক জনতাক পৰীক্ষা কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । ভুপাল, ইন্দোৰ, জব্বলপুৰ আৰু জিলা মুখ্যালয়সমূহত কেৱল পৰীক্ষণ সম্পন্ন কৰা হৈছে বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে কমলনাথে ।

লগতে পঢ়কঃ ত্ৰিপুৰাৰ পৰা সামগ্ৰী আনিবলৈ প্ৰৱেশ দ্বাৰ মুকলি কৰিব মিজোৰামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.