ETV Bharat / bharat

মহাৰাষ্ট্ৰত কৰ’ণা ভাইৰাছত মৃত্যু এজন লোকৰ

author img

By

Published : Mar 17, 2020, 11:12 AM IST

Updated : Mar 17, 2020, 1:00 PM IST

Coronavirus death rise into 3 in India
মহাৰাষ্ট্ৰত কৰ’ণা ভাইৰাছত মৃত্যু এজন লোকৰ

11:04 March 17

দেশত তিনিজনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৷ মঙলবাৰে মুম্বাইত মৃত্যু হয় এজন 64 বছৰীয়া বয়জেষ্ঠ লোক ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 125 ৷

নিউজ ডেস্ক, 17 মাৰ্চ: দেশত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ৷ মঙলবাৰে মুম্বাইত কৰ’ণা ভাইৰাছত মৃত্যু হয় দেশৰ তৃতীয়গৰাকী লোকৰ ৷ মুম্বাইৰ কস্তুৰবা হাস্পতালত মৃত্যু হয় লোকজনৰ ৷ মৃত্যু হোৱা লোকজনৰ বয়স আছিল 64 বছৰ ৷  বৰ্তমানলৈকে ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 125 টা লৈ ৷ দেশৰ মহাৰাষ্ট্ৰতো সৰ্বাধিক প্ৰভাৱ পৰিছে কৰ’ণা ভাইৰাছৰ ৷ ৰাজ্যখনত বৰ্তমানলৈকে 39 গৰাকী দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ বীজাণু ৷

উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত দুজন ব্যক্তিৰ মৃত্যু হৈছে ৷ কৰ্ণাটকত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছিল দিল্লীত ৷ কৰ্ণাটকত মৃত্যুবৰণ কৰা 76 বছৰীয়া লোকজন আছিল কালবুৰ্গী অঞ্চলৰ ৷ যোৱা 29 ফেব্ৰুৱাৰীত চৌদি আৰৱৰ পৰা ভ্ৰমণ কৰি আহিছিল লোকজনে ৷ আনহাতে দিল্লীত মৃত্যুবৰণ কৰা লোকজন আছিল 68 বৰ্ষীয়ান এগৰাকী মহিলা ৷

undefined

লগতে চাওক- আমেৰিকাই আৰম্ভ কৰিছে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ

Last Updated : Mar 17, 2020, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.