ETV Bharat / bharat

কৰ'ণা ভাইৰাছ : দেশৰ 75খন জিলা বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ

author img

By

Published : Mar 22, 2020, 9:11 PM IST

মাৰাত্মক COVID-19ক প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰসমূহৰ সৈতে একেলগে 75 খনকৈ জিলা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বন্ধ কৰিবলৈ লোৱা এইসমূহ জিলাত সৰ্বাধিক সংখ্যক কৰ'ণাত আক্ৰান্ত ৰোগী পোৱা গৈছে ৷

দেশৰ 75খন জিলা বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ

নিউজ ডেস্ক, 22 মাৰ্চ : ৰাজ্য চৰকাৰসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে দেশৰ 75খন জিলা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মাৰাত্মক কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ ইয়াৰ লগতে আন্তৰাজ্যিক বাছ পৰিৱহণ সেৱাও বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ অহা 31 মাৰ্চলৈ এইদৰে বন্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত সকলো ৰাজ্যৰ মুখ্য সচিব, কেবিনেটৰ সচিব আৰু দেশৰ মুখ্য সচিবৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই আলোচনাতে ৰাজ্য চৰকাৰসমূহক প্ৰায় 75খন জিলা বন্ধ কৰি ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়, যিসমূহ জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোক পোৱা গৈছে অথবা এই ভাইৰাছত আক্ৰান্ত হৈ লোক মৃত্যুমুখত পৰিছে ৷ ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্নাটক, তামিলনাডু আৰু কেৰালা অন্যতম ৷ ইয়াৰ উপৰিও তেলেংগানা, ছত্তিশগড়, পশ্চিমবংগ, ৰাজস্থান আদি ৰাজ্যসমূহত ইতিমধ্যে আন্তৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়াৰ লগতে ৰাজহুৱা স্থানকে আদি কৰি ৰাজহুৱা পৰিবহণ ব্যৱস্থা প্ৰায় বন্ধ কৰি দিয়া হৈছে ৷

ইতিমধ্যে ভাৰতত প্ৰায় 341 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ এই ভাইৰাছৰ দ্বাৰা ভাৰতত ইতিমধ্যে মৃত্যু ঘটিছে 7 গৰাকী লোকৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.