নিউজ ডেস্ক, ৪ এপ্ৰিলঃ জম্মু-কাশ্মীৰত শনিবাৰে পুনৰ মহামাৰী COVID-19ত আক্ৰান্ত হৈছে ১৪ গৰাকীকৈ লোক । শনিবাৰে কাশ্মীৰত কৰ' ণাত আক্ৰান্তৰ সংখ্যা হয়গৈ মুঠ ৯২ জন ।
ইয়াৰ পূৰ্বে উধমপুৰ জিলাৰ জম্মু শাখাত তিনিজন ব্যক্তিক পৰীক্ষা কৰা হৈছিল কৰ'ণা ভাইৰাছৰ ।
৯২ জন কৰ'ণা আক্ৰান্তৰ ভিতৰত বৰ্তমান ৪ জন সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে ৰাজ্যখনত । আনহাতে, মৃত্যু হয় ২ জনৰ ।
ৰাজ্যখনত ৪,৩৭৬ গৰাকী ব্যক্তিক কোৱাৰেণটাইন সম্পূৰ্ণ কৰাৰ বিপৰীতে ১২,৭৯৫ গৰাকী ব্যক্তি বৰ্তমানেও ঘৰৰ বাহিৰত আছে ।
জম্মু-কাশ্মীৰত ১,৩৯৭ গৰাকীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে । যি ১,২৫০ জনৰ ৰিপোৰ্ট ভাইৰাছ মুক্ত ওলাই ।