ETV Bharat / bharat

দেশত কোভিত-১৯ ত আক্ৰান্ত হৈ ২৪ ঘণ্টাত ২০৪ গৰাকীৰ মৃত্যু

author img

By

Published : Jun 2, 2020, 12:33 PM IST

ভাৰতত কৰ'ণা আক্ৰান্ত হৈ মৃত্য়ু হোৱা লোকৰ সংখ্যা ৫,৫৯৮ লৈ বৃদ্ধি। বিগত ২৪ ঘণ্টাত নতুনকৈ ৮,১৭১ গৰাকী লোকৰ দেহত পোৱা গৈছে কোভিত-১৯ ৰ উপস্থিতি। স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য।

covid 19
corona cases surging in india and unlock 1 at a glance

নিউজ ডেস্ক, ২ জুনঃ প্ৰতিদিনে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা। বিশ্বৰ কোভিড-১৯ আক্ৰান্ত ২১৯ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সপ্তম স্থানত আছে ভাৰত ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৮,১৭১ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি। স্বাস্থ্য মন্ত্ৰণালয়ে ২ জুনৰ পুৱা ৯ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি দেশত সৰ্বমুঠ ১,৯৮,৭০৬ গৰাকী লোক কোভিড ১৯ত আক্ৰান্ত হৈছে।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিত লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। তদুপৰি তামিলনাডু দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰাজধানী দিল্লী । উল্লেখ্য যে, বিগত কিছুদিন ধৰি দেশজুৰি দৈনিক প্ৰায় ৮ হাজাৰ লোকৰ দেহলৈ সংক্ৰমিত হৈছে কোভিড ১৯ ৰ বীজাণু। পুৱা ৯ বজালৈ ভাৰতত কৰ'ণা ভাইৰাচ আক্ৰান্ত ১,৯৮,৭০৬ গৰাকী লোকৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে ৯৭,৫৮১ গৰাকী লোক । ইয়াৰ বিপৰীতে আৰোগ্য লাভ কৰিছে প্ৰায় ৫,৬০০ গৰাকী লোকে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.