নিউজ ডেস্ক, 10 অক্টোবৰঃ জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ পিচতে মানৱ অধিকাৰৰ প্ৰসংগ লৈ অধিক সক্ৰিয় হৈ পৰিছে কংগ্ৰেছ দল ৷ আগষ্টৰ 5 তাৰিখৰ পিচৰে পৰাই দলটোৱে জম্মু-কাশ্মীৰত মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ কিন্তু এতিয়ালৈকে কংগ্ৰেছে বিগত 30 বছৰে কাশ্মীৰি পণ্ডিতসকলৰ সৈতে হৈ থকা অন্যায় আৰু তেওঁলোকৰ মানৱ অধিকাৰ সন্দৰ্ভত কোনো প্ৰসংগ উত্থাপন কৰাৰ পৰা বিৰত আছে ৷
অধিক পঢ়কঃ পাকিস্তানক মাছুদ আজহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আমেৰিকাৰ
শেহতীয়াকৈ কংগ্ৰেছ দলে জম্মু-কাশ্মীৰৰ প্ৰসংগ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ বাবে দলটোৱে বহুকেইখন দেশৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লৈছে ৷
কংগ্ৰেছ দলৰ এটি প্ৰতিনিধি দলে শেহতীয়াকৈ সাক্ষাৎ কৰে সংযুক্ত গণৰাজ্যৰ বিৰোধী দলপতি জেৰেমি কৰ্বিয়ানক ৷ লণ্ডনস্থিত জেৰেমি কৰ্বিয়ানৰ কাৰ্যালয়ত কংগ্ৰেছৰ আঠ-নজনীয়া এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰে বিৰোধী দলপতিগৰাকীক ৷ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে বিৰোধী নেতাগৰাকীৰ সৈতে জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ আলোচনাৰ মাজতে জম্মু-কাশ্মীৰত আগষ্টৰ 5 তাৰিখৰ পিচৰে পৰাই গুৰুতৰভাৱে মানৱ অধিকাৰ হৈ থকাৰ প্ৰসংগ উত্থাপন কৰে প্ৰতিনিধি দলটোৱে ৷
অধিক পঢ়কঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত-পাকিস্তানৰ সমস্যা আৰু চীন
কংগ্ৰেছৰ প্ৰতিনিধি দল আৰু জেৰেমি কৰ্বিয়ানৰ মাজত হোৱা আলোচনা সন্দৰ্ভত টুইট কৰে সংযুক্ত গণৰাজ্যৰ বিৰোধী দলপতিগৰাকীয়ে ৷ অৱশ্যে এই আলোচনাত বিগত 30 বছৰে কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত হোৱা নিৰ্মম অত্যাচাৰ আৰু মানৱ অধিকাৰ ভংগ প্ৰসংগত কোনো তথ্য উল্লেখ নকৰিলে কংগ্ৰেছী প্ৰতিনিধি দলটোৱে ৷