নিউজ ডেস্ক, ২৯ জুনঃ কোভিড-১৯ সংকটৰ মাজতে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কোভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ দেশতে আৰ্থিক মন্দাৱস্তা চলি থকাৰ লগতে, হাজাৰ হাজাৰ লোক সংস্থাপনহীন হোৱা সময়তে বিগত ২১ দিনে কেন্দ্ৰীয় চৰকাৰে দেশত ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে খাৰুৱা তেলৰ মূল্য। পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰে কেন্দ্ৰই দেশৰ জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাইছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে।
'AICC'(All India Congress Committee)ৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপালে কোভিড-১৯ সংকটৰ মাজতে সাধাৰণ ৰাইজক চৰকাৰে লুটপাত চলাই আছে বুলি উল্লেখ কৰে। আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল-ডিজেলৰ উত্পাদন শুল্ক বৃদ্ধি কৰি এতিয়া বৃহত্ মুনাফা অৰ্জন কৰি আছে বুলি এগৰাকী ৰাজ্যসভাৰ সাংসদে উল্লেখ কৰে।
![Congress protests against fuel price hike](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12:11:00:1593412860_7813971_picc.jpg)
উল্লেখ্য যে, কোভিড-১৯ সংকটৰ বাবে এপ্ৰিল মাহত খাৰুৱা তেলৰ চাহিদা কম হোৱাৰ বাবে ব্যাপক হাৰত হ্ৰাস পাইছিল ইয়াৰ মূল্য। কিন্তু সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য পুনৰ উৰ্ধগামী হোৱাত দেশতো এই মূল্যৰ প্ৰভাৱ পৰিছে। তদুপৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিগত দুটা মাহত পেট্ৰ'লৰ আৰু ডিজেলৰ কৰ বৃদ্ধি কৰিছিল । চৰকাৰে ১৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰ'লৰ আৰু ডিজেলত ৩ টকাকৈ বৃদ্ধি কৰিছিল উৎপাদন শুল্ক । তাৰ পাছত ৫ মে'ত পুনৰ প্ৰতি লিটাৰ পেট্ৰ'লত ১০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১৩ টকাকৈ বৃদ্ধি কৰিছিল চৰকাৰে । ৰাজ্য চৰকাৰে মূল্য বৰ্ধিত কৰ অথবা ভেট বৃদ্ধি কৰা কাৰণে ইন্ধনৰ খুচুৰা মূল্যবৃদ্ধি হোৱা দেখা গৈছে। একেদৰে, তেল বিপনন কোম্পানী সমূহেও মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকলৈ থেলি দিয়াৰ বাবে দেশত আকাশলংঘী হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য় ।
লগতে চাওকঃ টীয়কৰ জাঁজীমুখত প্লাৱিত ৩০ খনতকৈ অধিক গাঁও