নিউজ ডেস্ক , 6 মাৰ্চঃ সংসদভৱনৰ প্ৰাংগণত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাহুল গান্ধীসহ কংগ্ৰেছৰ সাংসদসকলে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধীয়ে ৷ 53 জন ব্যক্তিৰ মৃত্যু হোৱা উত্তৰ পূৱ দিল্লীত সংঘঠিত হিংসাত্মক ঘটনাৰ দায়িত্ব গ্ৰহণ কৰি গৃহমন্ত্ৰী গৰাকীৰ পদত্যাগৰ দাবী জনায় কংগ্ৰেছ সাংসদ সকলে ৷ বৃহস্পতিবাৰে লোকসভাত অধ্যক্ষলৈ লক্ষ্য কৰি কাগজৰ টুকুৰা দলিওৱাৰ পাছত সদনক অৱজ্ঞা কৰা তথা দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত 7 জন কংগ্ৰেছ সাংসদক সদনৰ পৰা নিলম্বিত কৰিছিল অধ্যক্ষই ৷
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰকে প্ৰমুখ্য কৰি কংগ্ৰেছ সাংসদ সকলে ক’লা বেণ্ড পৰিধান কৰি সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ সাংসদ সকলে অভিযোগ উত্থাপন কৰে যে,দলটোৰ সাংসদসকলক ভয় খুৱাবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে সদনে ৷ প্ৰতিবাদস্থলীৰ পৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰে যে,এনে ধৰণৰ পদক্ষেপে তেওঁলোকক শংকিত কৰিব নেৱাৰে ৷ দিল্লীৰ হিংসাত্মক ঘটনাৰ সম্বন্ধে সদনত আলোচনা কৰিবৰ বাবে তেওঁলোকে ধাৰাবাহিকভাৱে দাবী উত্থাপন কৰি যাব ৷ উল্লেখযোগ্য যে,কংগ্ৰেছৰ সাংসদ সকলে লোকসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি তেওঁলোকৰ ওপৰত থকা বহিস্কৰণৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ আবেদন কৰাৰ সম্ভাৱনা আছে ৷