নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী : প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আমন্ত্ৰণ প্ৰত্যাখান কৰাৰ পাচত ৰাজ্যসভাৰ বিৰোধী নেতা গোলাম নবী আজাদেও ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ অস্বীকাৰ কৰে ৷ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু মাৰ্কিন ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পৰ বাবে মঙলবাৰে এই ভোজ মেল আয়োজন কৰা হৈছে ৷
আনহাতে,গোলাম নবী আজাদৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে কংগ্ৰেছ পাৰ্লিয়ামেন্টেৰী কমিটিৰ মুৰব্বী ছোনিয়া গান্ধীক নিমন্ত্ৰণ জনোৱা হোৱা নাই এই ভোজমেললৈ ৷ গতিকে আন নেতাসকল তাত উপস্থিত থকাটো সমীচিন নহয় বুলি তেওঁলোকে ভাৱে ৷
ইতিপূৰ্বে লোকসভাৰ বিৰোধী নেতা অধিৰঞ্জন চৌধুৰীয়েও অনুৰূপ কাৰণতে নিমন্ত্ৰণ অস্বীকাৰ কৰিছিল ৷ নিয়ম মতে দুয়োখনসদনৰ নেতা সকলে যদিও ৰাষ্ট্ৰপতিৰ ভোজমেলৰ নিমন্ত্ৰণ পাব লাগে ৷ অৱশ্যে, মাৰ্কিন ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীত বিৰোধী দলৰ নেতৃত্বৰ সৈতে মিলিত হোৱাৰ কথা উল্লেখ নাছিল ৷