ETV Bharat / bharat

তেলেংগানাত ৩ গৰাকী আৰক্ষী বিষয়া কৰ'ণা মুক্ত,পুনৰ নিয়োজিত ফায়াৰিং ৰেঞ্জত - কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ভি হানুমন্থা ৰাও

তেলেংগানাত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । কিন্তু তাৰ মাজতে কৰ'ণা মুক্ত হৈ বৃহস্পতিবাৰে পুনৰ কৰ্মত নিয়োজিত হয় তিনিগৰাকীকৈ আৰক্ষী বিষয়া । লগতে কংগ্ৰেছৰ এজন বৰ্ষীয়ান নেতা আৰু প্ৰাক্তন কংগ্ৰেছৰ সাংসদ ভি হানুমন্থা ৰাও কৰ'ণা মুক্ত বুলি ঘোষণা কৰে স্বাস্থ্য বিভাগে ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ
author img

By

Published : Jul 3, 2020, 11:59 AM IST

নিউজ ডেস্ক,৩ জুলাইঃ বৃহস্পতিবাৰে মহামাৰী COVID-19 ৰ পৰা আৰোগ্য হৈ উঠে হায়দৰাৱাদৰ এগৰাকী বৰ্ষীয়ান কংগ্ৰেছ নেতা আৰু তিনি গৰাকী আৰক্ষী বিষয়া । লগতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ভি হানুমন্থা ৰাও কৰ'ণা মুক্ত বুলি ঘোষণা কৰে স্বাস্থ্য বিভাগে ।

কৰ'ণা ভাইৰাছ
তেলেংগানাত ৩ গৰাকী আৰক্ষী বিষয়া কৰ'ণা মুক্ত,পুনৰ নিয়োজিত ফায়াৰিং ৰেঞ্জত

আনহাতে, কৰ'ণা মুক্ত হোৱা শিখা গোয়েল,ডিএছ চৌহান আৰু তৰুণ যোশীক পুনৰ হায়দৰাবাদ আৰু তেলেংগানা আৰক্ষীয়ে ফায়াৰিং ৰেঞ্জত অন্তৰ্ভুক্ত কৰে বুলি জানিবলৈ দিয়ে । এই আৰক্ষী বিষয়াসকলে সাহসিকতাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰিও কোৱাৰেণ্টাইন চেণ্টাৰৰ সকলো নীতি-নিয়ম তথা স্বাস্থ্য বিষয়াৰ পৰামৰ্শ অনুসৰি সকলো কাম নিয়াৰীকৈ কৰি অন্যৰ বাবে উদাহৰণ হোৱা বুলিও উল্লেখ কৰে তেলেংগানাৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ।

আনহাতে,হায়দৰাবাদৰ আইপিএছ বিষয়া অঞ্জনী কুমাৰে আৰক্ষী বিষয়া কেইগৰাকীক কৰ'ণা মুক্ত হৈ পুনৰ কৰ্মত নিয়োজিত হোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে চাওকঃ দেশৰ ক'ত কেনে অৱস্থাত আছে মহামাৰী কৰ'ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.