ETV Bharat / bharat

ৰাজস্থান কংগ্ৰেছৰ দায়িত্বত জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেন

author img

By

Published : Aug 16, 2020, 9:43 PM IST

জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেনক ৰাজস্থানৰ নতুন সচিব প্ৰধান হিচাপে দায়িত্বভাৰ অৰ্পন কৰিছে সৰ্বভাৰতীয় কংগ্ৰেছ দলে ৷ অবিনাশ পাণ্ডেৰ ঠাইত তেওঁক এই দায়িত্ব অৰ্পন কৰিছে ৷ মুখ্যমন্ত্ৰী অশোক গেহলটৰ চৰকাৰৰ বিৰুদ্ধাচাৰণ কৰা শচীন পাইলট তথা 18গৰাকী কংগ্ৰেছী বিধায়কৰ দলত্যাগৰ ভাবুকিৰ মাজতেই কংগ্ৰেছ হাইকামাণ্ডে অজয় মাকেনক ৰাজ্যখনৰ দায়িত্ব প্ৰদান কৰে ৷

ৰাজস্থান কংগ্ৰেছৰ দায়িত্বত জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেন
ৰাজস্থান কংগ্ৰেছৰ দায়িত্বত জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেন

নিউজ ডেস্ক, 16 আগষ্ট : কংগ্ৰেছ দলে দেওবাৰে ৰাজস্থান কংগ্ৰেছৰ দায়িত্বত থকা সচিব প্ৰধান অবিনাশ পাণ্ডেৰ ঠাইত স্থলাভিষিক্ত কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেনক ৷ ৰাজস্থান বিধানসভাত 18গৰাকী কংগ্ৰেছী বিধায়কৰ সৈতে শচীন পাইলটে কৰা বিৰুদ্ধাচাৰণৰ সময়তে কংগ্ৰেছ হাইকামাণ্ডে ছোনিয়া গান্ধীৰ নেতৃত্বত তিনিজনীয়া এখন কমিটী গঠন কৰি সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈ নিৰ্দেশনা দিছিল ৷ এনে অৱস্থাতে দেওবাৰে কংগ্ৰেছে অবিনাশ পাণ্ডেৰ ঠাইত দায়িত্ব প্ৰদান কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীক ৷

ৰাজস্থান চৰকাৰ তথা কংগ্ৰেছৰ দলৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ কংগ্ৰেছ হাইকামাণ্ডে গঠন কৰি দিয়া কমিটীখনৰ অন্যতম সদস্য আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেন ৷ অজয় মাকেনৰ লগতে এই কমিটীখনত আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেল আৰু কেচি বেনুগোপাল ৷

মুখ্যমন্ত্ৰী অশোক গেহলটৰ চৰকাৰৰ বিৰুদ্ধাচাৰণ কৰা শচীন পাইলট তথা 18গৰাকী কংগ্ৰেছী বিধায়কৰ দলত্যাগৰ ভাবুকিৰ মাজতেই কংগ্ৰেছ হাইকামাণ্ডে অজয় মাকেনক ৰাজ্যখনত দলটোৰ দায়িত্ব প্ৰদান কৰে ৷

মাকেনক ৰাজ্যখনত উদ্ভৱ হোৱা পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ বিশেষ দায়িত্ব প্ৰদান কৰা হৈছিল আৰু তেওঁৰ নেতৃত্বত ৰাজস্থান চৰকাৰ ভংগ হোৱাৰ পৰা ৰক্ষা পৰিছিল ৷ যাৰ বাবেই দেওবাৰে এইদৰে কংগ্ৰেছ হাইকামাণ্ডে তেওঁক এইদৰে ৰাজ্যখনৰ দায়িত্বভাৰ অৰ্পন কৰে ৷ ৰাজস্থানৰ দায়িত্বগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ দিল্লী কংগ্ৰেছৰ প্ৰধান হিচাপে দায়িত্ব পালন কৰি আছিল ৷

লগতে পঢ়কঃ বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.