ETV Bharat / bharat

জম্মু - কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে দায়ী কংগ্ৰেছ : অমিত শ্বাহ - জম্মু - কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন

জম্মু - কাশ্মীৰৰ সামগ্ৰিক পৰিস্থিতিৰ বাব কংগ্ৰেছক জগৰীয়া কৰে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে । কংগ্ৰেছে গ্ৰহণ কৰা নীতিসমূহেই সমগ্ৰ ৰাষ্ট্ৰ আৰু জম্মু - কাশ্মীৰৰ মানুহৰ মাজত বিভেদ অনা বুলি তেওঁ কয় ।

অমিত শ্বাহ
author img

By

Published : Jun 29, 2019, 3:13 PM IST

নিউজ ডেস্ক, ২৯ জুন : শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে কাশ্মীৰৰ সন্ত্ৰাসবাদ আৰু ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে জগৰীয়া কৰে কংগ্ৰেছক । প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাবেই তিনি ভাগৰ এভাগ ভাৰতৰ ভূ - খণ্ড পাকিস্তানৰ অধীনলৈ যোৱা বুলি অভিযোগ আনে শ্বাহে ।

ETV BHARAT ASSAM
অমিত শ্বাহ

জুলাইৰ ৩ তাৰিখৰ পৰা ছয় মাহৰ বাবে জম্মু - কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন বৃদ্ধি কৰা সন্দৰ্ভত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি শ্বাহে এনেদৰে মন্তব্য কৰে । কংগ্ৰেছ চৰকাৰৰ শাসন কালত যিবোৰ নীতি গ্ৰহণ কৰা হৈছিল সেই নীতিৰ ফলত জম্মু - কাশ্মীৰ আৰু সমগ্ৰ ৰাষ্ট্ৰৰ লোকৰ মাজত বিভেদৰ সৃষ্টি হ'ল বুলি তেওঁ দাবী কৰে । তেওঁ লগতে মন্তব্য কৰে যে, বিজেপি চৰকাৰে এই বিভেদ আৰু সন্ত্ৰাসবাদ নাইকিয়া কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব ।

CONG RESPONSIBLE FOR J&K STATE OF AFFAIRS : AMIT SHAH

জম্মু - কাশ্মীৰৰ পৰিস্থিতিৰ বাবে দায়ী কংগ্ৰেছ : অমিত শ্বাহ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.