নিউজ ডেস্ক, 13 এপ্ৰিলঃ কৰ্ণাটক কংগ্ৰেছে টুইটাৰযোগে মুখ্যমন্ত্ৰী বি এচ এডিইৰাপ্পাক চিকিৎসা তথা শিক্ষা মন্ত্ৰী কে সুধাকৰক বহিস্কাৰ কৰিবলৈ দাবী জনাইছে । মন্ত্ৰীজনৰ বিৰুদ্ধে দ্বায়িত্বজ্ঞানহীনতাৰ অভিযোগ উত্থাপন কৰি COVID-19ৰ সময়ত চুইমিং পুলত সময় কটোৱাৰ কথা উল্লেখ কৰে ।
-
When the whole world is going through a health crisis, the Corona in-charge Minister Dr. Sudhakar is behaving irresponsibly by spending time in a swimming pool.
— DK Shivakumar (@DKShivakumar) April 13, 2020 " class="align-text-top noRightClick twitterSection" data="
It's a matter of moral & ethical standards. He must resign out of his own accord & CM should sack him from the cabinet pic.twitter.com/ZQlRzMoqrb
">When the whole world is going through a health crisis, the Corona in-charge Minister Dr. Sudhakar is behaving irresponsibly by spending time in a swimming pool.
— DK Shivakumar (@DKShivakumar) April 13, 2020
It's a matter of moral & ethical standards. He must resign out of his own accord & CM should sack him from the cabinet pic.twitter.com/ZQlRzMoqrbWhen the whole world is going through a health crisis, the Corona in-charge Minister Dr. Sudhakar is behaving irresponsibly by spending time in a swimming pool.
— DK Shivakumar (@DKShivakumar) April 13, 2020
It's a matter of moral & ethical standards. He must resign out of his own accord & CM should sack him from the cabinet pic.twitter.com/ZQlRzMoqrb
কৰ্ণাটকৰ কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰে টুইটত লিখে যে, সমগ্ৰ বিশ্বই স্বাস্থ্য সংকটত ভোগাৰ সময়ত দ্বায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি ডা৹ সুধাকৰে চুইমিং পুলত সময় কটাইছে । এইটো নীতি আৰু আদৰ্শৰ পৰিপন্থী । সেয়ে তেওঁ নিজাকৈ পদত্যাগ কৰিব লাগে বা মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ পৰা বৰ্খাস্ত কৰিব লাগে ।
সুধাকৰ, যিয়ে ৰাজ্যখনত কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজখনত অন্যতম অগ্ৰণী ভূমিকা লৈছে, তেওঁ দেওবাৰে পুত্ৰৰ লগত চুইমিং পুলত থকা ফটো এখন টুইটাৰত পোষ্ট কৰে ।
তাৰ পিচতে এই কাৰ্যৰ বাবে মন্ত্ৰীগৰাকী ছ'চিয়েল মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখিন হয় ।