ETV Bharat / bharat

দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধিঃ ৩.৪ ডিগ্ৰী ছেলছিয়াছলৈ নামিল পাৰাস্তম্ভ

author img

By

Published : Dec 20, 2020, 1:58 PM IST

দিল্লীত বছৰৰ সৰ্বাধিক শীতৰ পুৱাৰ অভিলেখ । ৰবিবাৰে চহৰখনত সৰ্বনিম্ন তাপমাত্ৰা ৩.৪ ডিগ্ৰী ছেলছিয়াছ । লোডী পশ্চিম হিমালয়ৰ পৰা অহা শীতল বতাহ প্ৰৱেশ কৰাৰ বাবে দেশৰ ৰাজধানী চহৰখনৰ লোধী ৰোডত পাৰাস্তম্ভ অৱনমিত হ'ল ৩.৩ ডিগ্ৰী ছেলছিয়াছলৈ ।

দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি, ৩.৪ ডিগ্ৰী ছেলছিয়াছলৈ নামিল পাৰাস্তম্ভ

নেশ্য়নেল ডেস্ক , ২০ ডিচেম্বৰ : দেশৰ বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য় অনুসৰি ৰবিবাৰে দিল্লীত শীতৰ প্ৰকোপ বাঢ়ি ৩.৪ ডিগ্ৰী ছেলছিয়াছেৰে ই বছৰৰ আটাইতকৈ শীতল পুৱা হিচাপে অভিলেখ গঢ়িছে । সাফদাৰজঙ নিৰিক্ষণ কেন্দ্ৰৰ তথ্য় অনুসৰি শনিবাৰে সৰ্বনিম্ন তাপমাত্ৰা ৩.৯ ডিগ্ৰী ছেলছিয়াছলৈ নামি আহিছিল, যিটোৱে দেশৰ ৰাজধানী চহৰখনৰ সাধাৰণ তাপমাত্ৰা সূচায় ।

আইএমডিৰ এগৰাকী বিষয়াই জনোৱা মতে নিৰীক্ষণ কেন্দ্ৰত ৰবিবাৰে পুৱা সৰ্বনিম্ন ৩.৪ ডিগ্ৰী ছেলছিয়াছ পোৱা গৈছে, যিটো সাধাৰণ তাপমাত্ৰতকৈ ৫ ডিগ্ৰী কম আছিল । লগতে দিনটোৰ সৰ্বাধিক তাপমাত্ৰা ২২ ডিগ্ৰী ছেলছিয়াছৰ ওচৰা ওচৰি হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ জনায় ।

লোধী ৰোডত পাৰাস্তম্ভ অৱনমিত হৈছে ৩.৩ ডিগ্ৰী ছেলছিয়াছলৈ, কাৰণ বৰফাবৃত্ত লোডী পশ্চিম হিমালয়ৰ পৰা অহা শীতল বতাহ প্ৰৱেশ কৰিছে চহৰখনত । শুকুৰবাৰে জাফৰপুৰৰ তাপমাত্ৰা ২.৭ ডিগ্ৰী ছেলছিয়াছলৈ নামি গৈছিল ।

চহৰখনত বৃহস্পতিবাৰৰ দিনতো তীব্ৰ শীতৰ দিন হিচাপে ৰেকৰ্ড কৰা হৈছিল, যত সৰ্বাধিক তাপমাত্ৰা ১৫.২ ডিগ্ৰী ছেলছিয়াছলৈ নামিছিল, যিটো আছিল সাধাৰণ তাপমাত্ৰাতকৈ ৭ ডিগ্ৰী কম আৰু সম্ভৱত বছৰৰ আটাইতকৈ কম তাপমাত্ৰাৰ দিন । অৱশ্য়ে শুকুৰবাৰে উষ্ণতা বাঢ়ি ১৯.৮ ডিগ্ৰী ছেলছিয়াছ আৰু শনিবাৰে ২১.৮ ডিগ্ৰী ছেলছিয়াছ পাইছিল বুলি আইএমডিৰ বিষয়াই জনায় ।

আইএমডিৰ মতে শীতৰ দিন হিচাপে বিবেচনা কৰা হ'ব যেতিয়া নূন্য়তম তাপমাত্ৰা ১০ ডিগ্ৰী ছেলছিয়াছতকৈ কম হয় আৰু সৰ্বাধিক তাপমাত্ৰা সাধাৰণ উষ্ণতাতকৈ ৪.৪ ডিগ্ৰী ছেলছিয়াছ কম হয় । আনহাতে, প্ৰচণ্ড শীত তেতিয়াহে ক'ব যেতিয়া সৰ্বাধিক তাপমাত্ৰা সাধাৰণ উষ্ণতাতকৈ অতিকমেও ৬.৫ ডিগ্ৰী কম হয় ।

সমতল অঞ্চলৰ ক্ষেত্ৰত আইএমডিয়ে এটা শীতৰ তৰংগ ঘোষণা কৰে যেতিয়া নূন্য়তম তাপমাত্ৰা ১০ ডিগ্ৰী ছেলছিয়াছ বা তাতকৈ তলত থাকে আৰু একেৰাহে দুই দিনলৈ সাধাৰণ উষ্ণতাতকৈ ৪.৫ ডিগ্ৰী কম হয় । অৱশ্য়ে দিল্লীৰ দৰে অঞ্চলৰ ক্ষেত্ৰত এই মানদণ্ড পূৰণ কৰিলে তাক শীতৰ তৰংগ ঘোষণা কৰিব পাৰে বুলি কাৰ্যকৰ্তাই জানিবলৈ দিয়ে । আনহাতে আগন্তুক ৫-৬ দিনলৈ এই তাপমাত্ৰা নূন্য়তম ৫ ডিগ্ৰী ছেলছিয়াছৰ ওচৰা পাজৰে থাকিব বুলি অনুমান কৰিছে আইএমডিৰ বিষয়াই ।

লগতে পঢ়ক : "প্ৰধানমন্ত্ৰীৰ অপৰিকল্পিত লকডাউনে যুদ্ধ জয় নহয় জীৱনহে ধ্বংস কৰিছে": ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.