ETV Bharat / bharat

জাগতে ৰহো জ'কাৰ

author img

By

Published : Aug 4, 2020, 7:56 PM IST

কৰ'ণা মহামাৰীৰ সময়ত শাৰীৰিক সমস্যাৰ উপৰিও মানসিক সমস্যাৰ লগত যুঁজিব লগা হৈছে বহুজনে ৷ ইফালে এই জটিল সময়তে চাইবাৰ অপৰাধী আৰু হেকাৰ্​ছে এই সময়ত মানুহক ফান্দ পেলোৱাৰ লক্ষ্যত আছে ৷ ফিছিংগ ই-মেইল, মেলবেয়াৰৰ জৰিয়তে এই হেকাৰ্​ছ কেতিয়াবা আপোনাৰ ম'বাইলত সোমাবগৈ, আপুনি একো ধৰিবই নোৱাৰিব ৷ চাইবাৰ ঘটনা সন্দৰ্ভত কেনেকৈ প্ৰতিৰক্ষা দিব লাগে সেই বিষয়ে ই.টি.ভি ভাৰতক জনালে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিত সিঙে ৷

col Indrejeet singh on cyber security dynamics during Coronavirus pandemic
জাগতে ৰহো জ'কাৰ

নিউজ ডেস্ক,4 আগষ্টঃ কৰ'ণা সংকটৰ এই জটিল সময়ত চাইবাৰ অপৰাধো মানুহৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ এনে অপৰাধীৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি, এই সন্দৰ্ভত ইটিভি ভাৰতক বিধান আগবঢ়াইছে ছিকিউৰিটী এছ'চিয়েছন অফ ইণ্ডিয়াৰ সঞ্চালক প্ৰধান আৰু চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিত সিঙে ৷

কৰ'ণা ভাইৰাছৰ সময়ত প্ৰায় সংখ্যক কোম্পানীয়ে উপায়হীন হৈ কৰ্মচাৰীক ৱৰ্ক ফৰ্ম হ'ম অৰ্থাৎ ঘৰৰ পৰা কাম কৰিবলৈ দিয়ে ৷ এই ৱৰ্ক ফৰ্ম হ'ম ধাৰণাটো অধিকাংশই গ্ৰহণ কৰিলে ৷ এয়া সকলোৰে বাবে ডাঙৰ প্ৰত্যাহ্বান ৷ কৰ্মচাৰীসকলো সমস্যাৰ সন্মুখীন হৈছে কাৰণ ইয়াৰ জৰিয়তে ডাঙৰ-ডাঙৰ কৰ্প'ৰেট গোষ্ঠীৰ তথ্য লিক আৰু তথ্য সুৰক্ষাৰ ওপৰত এক প্ৰশ্নবোধক আহি পৰিল ৷

কিন্তু ইয়াৰ লগতে কৰ'ণা সংকটৰ সময়ত কোম্পানীসমূহে নিজৰ চাইবাৰ সুৰক্ষাৰ কথাৰ ভৱাৰ এক অৱসৰো পাইছে ৷

কৰ্ণেল ইন্দ্ৰজিত সিঙে আগলৈ কয়, কৰ'ণা ভাইৰাছ দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ লগে লগে চাইবাৰ ক্ৰাইমৰ সংখ্যাও বৃদ্ধি পাইছে ৷ চাইবাৰ অপৰাধীয়ে সৰু-ডাঙৰ সকলো ক্ষেত্ৰকে নিজৰ টাৰ্গেট কৰি লৈছে ৷

স্বাস্থ্য সেৱা ক্ষেত্ৰতো চাইবাৰ অপৰাধৰ ঘটনা পূৰ্বতকৈ যথেষ্ট গুণে বৃদ্ধি পাইছে ৷ অধিকাংশ ফাৰ্মা কোম্পানীত কৰ'ণা ভাইৰাছৰ ভেকছিনক লৈ পৰীক্ষণ চলাই থকা হৈছে ৷ এনেকুৱাতে হেৰ্কাছে মেলবেয়াৰ, এ.পী.টী, ৰেণসমবেয়াৰ ব্যৱহাৰ কৰি ভেকছিন পৰীক্ষণো হেক কৰাৰ চেষ্টা চলাই আছে ৷ এই ক্ষেত্ৰত হেল্থকেয়াৰ চেন্টাৰ আৰু ফাৰ্মা মেনুফেকচাৰিং প্লান্টক সুৰক্ষিত কৰি ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

ইয়াৰোপৰি বেংকিং উদ্যোগ চাইবাৰ অপৰাধ বৃদ্ধি হৈ গৈ আছে ৷ গুৰুত্বপূৰ্ণ তথ্য লিক কৰাৰ বাবে হেৰ্কাছে মেলবেয়াৰ বিত্তীয় সংস্থানৰ ওপৰতো টাৰ্গেট কৰিছে৷

কেৱল সেয়াই নহয় পাৱাৰ গ্ৰিড, ৱাটাৰ প্লান্ট, তেল আৰু গেছ প্লান্ট, টেলিকম নেটৱৰ্কতো চাইবাৰ এটেকৰ সংখ্যা বৃদ্ধি পাইছে ৷

বৰ্তমান সময়ত ফিছিংগ ই-মেইল হেৰ্কাছে যথেষ্ট হাৰত ব্যৱহাৰ কৰিছে ৷ ইয়াৰ দ্বাৰা বিগত কেইমাহত চাইবাৰ অপৰাধ 600% লৈ বৃদ্ধি পাইছে ৷

col Indrejeet singh on cyber security dynamics during Coronavirus pandemic
চাইবাৰ অপৰাধৰ পৰা হাত সাৰিবৰ বাবে কিছু টিপ্​ছ

চাইবাৰ অপৰাধৰ পৰা হাত সাৰিবৰ বাবে কৰ্ণেল ইন্দ্ৰজিত সিঙে কিছু টিপ্​ছ প্ৰদান কৰিছেঃ

  • হেকাৰ্ছক এণ্ড পইন্ট ছিকিউৰিটীৰ প্ৰয়োজন হয়, সেই বাবে সদায় এণ্ড পইন্ট ছিকিউৰিটী মজবুত হ'ব লাগে ৷
  • এণ্ড পইন্টৰ বাবে তথ্য লিক কৰাটো বন্ধ কৰিব লাগিব৷
  • ৱেব ফিল্টাৰিংগৰ ব্যৱহাৰ কৰিব লাগে ,ই ভুৱা ৱেবচাইট বন্ধ কৰাৰ কাম কৰে৷
  • এণ্ড পইন্ট ছিকিউৰিটীয়ে তথ্য চোৰ কৰা ফাইল সমূহ বিচাৰি উলিয়াব পাৰে৷
  • এটা সুৰক্ষিত পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে আৰু ইয়াক সময়ে সময়ে সলনি কৰি থাকিব লাগে৷
  • এনেকুৱা পাছৱৰ্ড ৰাখিব নালাগে যিটো সকলোৰে বোধগম্য হয়, যেনে আপোনাৰ জন্ম তাৰিখ,নামৰ পিছত জন্ম চন আদি ৷ এইবিলাক অতি সহজে ক্ৰেক কৰিব পাৰি ৷ পাছৱৰ্ড এনেকুৱা ৰাখিব লাগে যি আল্ফানিউমাৰিক হয় অৰ্থাৎ নম্বৰ আৰু আখৰ দুয়োটাই থাকে আৰু পৰাপক্ষত এটা স্পেছিয়েল কেৰেক্টাৰ (@ বা $ৰ দৰে চিহ্ন) থাকিব লাগে ৷
  • ঘৰৰ পৰা কাম কৰা কৰ্মচাৰী সকলে V.P.N পিন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব লাগে৷
  • অপাৰেটিং চিষ্টেম,ই-মেইল ক্লাইন্ট আৰু চফটৱেৰ অটোমেটিক ৰূপত আপডেট হৈ আছেনে নাই তাক সুনিশ্চিত কৰিব লাগে ৷
  • শেষত অতি গুৰুত্বপূৰ্ণ কথা, আপোনাৰ তথ্য কোনো এনেকুৱা ব্যক্তিৰ ওচৰত থাকিব নালাগে যি তথ্যখিনিৰ দুৰ্ব্যৱহাৰ কৰিব পাৰে ৷অচিনাকী লোকৰ সৈতে নিজৰ ই-মেইল ,ফোন নম্বৰ তথা যিকোনো গোপনীয় তথ্য শ্বেয়াৰ নকৰিব ৷কাৰণ কেতিয়াবা তেনেলোক হেৰ্কাছো হ'ব পাৰে ৷

লগতে পঢ়কঃপৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাই উত্তাল কৰিছে উত্তৰ-পূৰ্বাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.