নিউজ ডেস্ক, 15 আগষ্টঃ জম্ম-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশেষ বৈঠকত মিলিত হ'ব ৷ চীনে আপত্তি দৰ্শোৱাৰ পিচতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে 16 আগষ্টত বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে ৷
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সচিব জোৱানা ৰোনেকাই সংবাদমাধ্যমৰ আগত জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা বিষয়টো উঠাই লোৱাক লৈ আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে ৷ ইয়াৰ পূৰ্বেই বিষয়টো সন্দৰ্ভত পাকিস্তানে তিনিবাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাবী উত্থাপন কৰিছিল ৷ কিন্তু অৱশেষত চীনে বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ লিখা এখন চিঠিৰ পিচতে বিষয়টো আলোচনা কৰিবলৈ ৰাজী হয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ৷