ETV Bharat / bharat

তথ্য জনা অধিকাৰ আইনৰ অধীনলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়

উচ্চতম ন্যায়ালয়ে বুধবাৰে এক ঐতিহাসিক ৰায়দানযোগে তথ্য জনা অধিকাৰ আইনৰ অধীনলৈ আনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয় ৷ এই ৰায়দানত কোৱা হয় যে, মুখ্য ন্যায়াধীশৰ কাৰ্যালয় এক ৰাজহুৱা প্ৰতিষ্ঠান আৰু ই আইনৰ উৰ্দ্ধত নহয়, আইনৰ অধীনত হে ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অধ্যক্ষতা কৰা বিচাৰপীঠখনত আছিল ন্যায়াধীশ এন ভি ৰামানা, ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়, ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্না ৷

তথ্য জনা অধিকাৰ আইনৰ অধীনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়
author img

By

Published : Nov 14, 2019, 1:06 AM IST

নেশ্যনেল ডেস্ক, 13 নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে ৷ এই ৰায়দানযোগে তথ্য জনা অধিকাৰ আইনৰ অধীনলৈ অনা হয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয় ৷ ৰায়দানত কোৱা হয় যে মুখ্য ন্যায়াধীশৰ কাৰ্যালয় এক ৰাজহুৱা প্ৰতিষ্ঠান আৰু ই আইনৰ উৰ্দ্ধত নহয়, আইনৰ অধীনত হে ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অধ্যক্ষতা কৰা বিচাৰপীঠখনত আছিল ন্যায়াধীশ এন ভি ৰামানা, ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়, ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্না ৷

CJI OFFICE UNDER THE AMBIT OF RTI ACT, RULES SC
তথ্য জনা অধিকাৰ আইনৰ অধীনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়

উচ্চতম ন্যায়ালয়ে ৰায়দান কৰি কয় যে মুখ্য ন্যায়াধীশৰ কাৰ্যালয় ৰাজহুৱা পুনৰীক্ষণৰ অধীনত আৰু সেইবাবে ই এক ৰাজহুৱা প্ৰতিষ্ঠান ৷ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক ৰাজহুৱা পুনৰীক্ষনলৈ অনাৰ বাবে পোন প্ৰথমবাৰৰ বাবে আৰ টি আই কৰ্মী এচ চি আগৰৱালাই 2010 চনত আবেদন জনাইছিল ৷ এই গোচৰ এপ্ৰিল মাহতে অন্ত পৰিছিল যদিও ইয়াৰ ৰায়দান বিচাৰপীঠে দিয়া নাছিল ৷ ইয়াৰ পূৰ্বেও 2010ৰ 10 জানুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ে এক ৰায়দান যোগে কৈছিল যে তথ্য জনা অধিকাৰ আইনৰ অধীনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয় ৷ দিল্লী উচ্চ ন্যায়ালয়ে কৈছিল যে ন্যায়িক স্বাধীনতা এজন ন্যায়াধীশৰ বিশেষাধিকাৰ নহয় ই এক দায়িত্বহে ৷ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই ৰায়দান দিছিল ৷ বিচাৰপীঠত আছিল মুখ্য ন্যায়াধীশ এ পি শ্বাহ, ন্যায়াধীশ বিক্ৰমজিৎ সেন আৰু ন্যায়াধীশ এচ মুৰুলিধৰ ৷

কি হয় তথ্য জনা অধিকাৰ?

তথ্য জনা অধিকাৰ সংসদত গৃহীত হৈছিল 15 জুন 2005ত আৰু ই আইন হিচাপে প্ৰণয়ন হৈছিল 13 অক্টোবৰ 2005ত ৷ এই আইন অনুসৰি দেশখনৰ নাগৰিকসকলে যি কোনো ৰাজহুৱা প্ৰতিষ্ঠানৰ তথ্য জানিব পাৰিব ৷ তথ্য জনা অধিকাৰ আইনখনে তথ্য জনা স্বাধীনতা আইন 2002ৰ সলনি প্ৰযোজ্য কৰা হৈছিল ৷ আইনখন প্ৰণয়ন হোৱাৰ 10 বছৰৰ ভিতৰত 1,75,00,000 খন আবেদন দাখিল হৈছে ৷ কিষাণ মজদুৰ শক্তি সংগঠনে আইনখন প্ৰণয়ন কৰাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল ৷

কি কৰে তথ্য জনা অধিকাৰে?

এই আইনৰ দ্বাৰা এক সময়সীমাৰ ভিতৰত তথ্য যোগান ধৰিব লাগিব ৷ চৰকাৰৰ কাম আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ তথ্য জানিব পাৰিব আবেদনকাৰীয়ে ৷ ইয়াৰ বাবে পঞ্চায়তৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈকে এজন গণ তথ্য বিষয়া(Public Information Officer) থাকে ৷

2009 চনৰ নৱেম্বৰ মাহত Central Information Commission (CIC)য়ে উচ্চতম ন্যায়ালয়ক বিচাৰ প্ৰক্ৰিয়াৰ তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল ৷ 2018 চনৰ 17 আগষ্টত এখন তিনিজনীয়া বিচাৰপীঠে সমগ্ৰ বিষয়টো এখন পাচঁজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰে ৷ এপ্ৰিল 4 2019ত বিচাৰপীঠে ৰায়দান স্থগিত ৰাখে ৷ 2019 চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে তথ্য জনা অধিকাৰ গণতন্ত্ৰৰ এক অবিচেদ্দ অংগ বুলি মন্তব্য কৰে ৷

Intro:The Chief Justice of India's office comes under the Right to Information (RTI) Act, the Supreme Court ruled today in a landmark judgment, emphasizing that “in a constitutional democracy judges can't be above the law”. Judicial independence and accountability go hand in hand,” said the judges.

The SC has held that the office of CJI is public authority under transparency law, Right to Information Act.

SC cautions that RTI cannot be used as tool of surveillance.

Judicial independence has to be kept in mind while dealing with transparency: SCBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.