ETV Bharat / bharat

চীনা সেনাই সীমান্ত পাৰ হৈ ১৮ কিলোমিটাৰ ভাৰতৰ ভূমি দখল কৰিছেঃ কংগ্ৰেছ নেতা পল্লাম ৰাজু

author img

By

Published : Jun 26, 2020, 10:27 PM IST

কংগ্ৰেছৰ জেষ্ঠ নেতা তথা প্ৰাক্তন প্ৰতিৰক্ষা প্ৰতিমন্ত্ৰী পল্লাম ৰাজুই শুকুৰবাৰে অভিযোগ কৰা অনুসৰি, চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰায় ১৮ কিলোমিটাৰ অঞ্চল দখল কৰিছে । চীনা সৈন্যক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ সীমান্ত সুৰক্ষা বাহিনী সক্ষম হ'ব মাত্ৰ তেওঁলোকক ৰাজনৈতিকভাবে বিভাজিত নকৰিলেই হ'ল । গতিকে বিজেপি চৰকাৰে এই সমস্যা সমাধান কৰাৰ কথা চিন্তা কৰিব লাগে অন্যথা চৰকাৰ গঠন কৰাৰ একো সাৰ্থক নাথাকিব ।

chinese-up-to-18-km-inside-lac-cong-leader-pallam-raju

নিউজ ডেস্ক, ২৬ জুন : কংগ্ৰেছৰ জেষ্ঠ নেতা তথা প্ৰাক্তন প্ৰতিৰক্ষা প্ৰতিমন্ত্ৰী পল্লাম ৰাজুই শুকুৰবাৰে অভিযোগ কৰা অনুসৰি, চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰায় ১৮ কিলোমিটাৰ অঞ্চল দখল কৰিছে ।

এক সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে জনাই যে, চীনে বৰ্তমান ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । গতিকে সীমান্ত পাৰ হৈ ভাৰত ভূমিত চীনা সৈন্যই আধিপত্য বিস্তাৰ কৰাটো দুৰ্ভাগ্যজনক ।

উক্ত সংবাদ মেলত মন্ত্ৰী গৰাকীৰ লগতে কংগ্ৰেছৰ প্ৰবক্তা জীতেন্দ্ৰ সিং আৰু প্ৰতিৰক্ষা বিভাগৰ প্ৰাক্তন MOS পবন খেৰাই অংশগ্ৰহণ কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ বিভিন্ন দেশৰ পৰা ব্যক্তিগত সম্পৰ্কৰ জৰিয়তে কি প্ৰাপ্তি লাভ কৰিলে ।

জীতেন্দ্ৰ সিংয়ে জনাই যে, ২০১৩ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ভাৰত এখন দূৰ্বল চৰকাৰ । যিটো মন্তব্যই ভাৰতীয় সেনাৰ মনোবল হ্ৰাস কৰা বুলি উল্লেখ কৰিছে ।

লগতে পবন খেৰাই কয় যে, চীনা সৈন্যক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ সীমান্ত সুৰক্ষা বাহিনী সক্ষম হ'ব মাত্ৰ তেওঁলোকক ৰাজনৈতিকভাবে বিভাজিত নকৰিলেই হ'ল । গতিকে বিজেপি চৰকাৰে এই সমস্যা সমাধান কৰাৰ কথা চিন্তা কৰিব লাগে অন্যথা চৰকাৰ গঠন কৰাৰ একো সাৰ্থক নাথাকিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.