ETV Bharat / bharat

চীনৰ প্ৰতিবেদনত নতুন কৰ'ণা ভাইৰাছজনিত ঘটনা 397 টালৈ হ্ৰাস

author img

By

Published : Feb 22, 2020, 5:18 PM IST

সমগ্ৰ চীনতেই কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৰ্তমানলৈ 76,288 জন হৈছে ৷ ইয়াৰ ভিতৰত 2,345 জন লোক মৃত বুলি ঘোষণা কৰা হয় ৷ চীন চৰকাৰে এই ভাইৰাছ নিৰ্মূল কৰাৰ বাবে পৃথক পৃথক কঠোৰ ব্যৱস্থা হাতত লৈছে আৰু ভ্ৰমণৰ নিষেধাজ্ঞা জাৰি কৰে ৷

China reports major drop in new virus cases to 397
নতুন ক’ৰোণা ভাইৰাছজনিত ঘটনা 397 টালৈ হ্ৰাস

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰীঃ চীনৰ হুবেই চহৰৰ কেন্দ্ৰস্থলত শনিবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত ঘটনাৰ সংখ্যা 397টালৈ হ্ৰাস পোৱাৰ লগতে এইকেইদিনত হুবেই অঞ্চলটোত 109 জন লোকৰ মৃত্যু হৈছে ৷ শেহতীয়াকৈ চীনে সদৰি কৰে এই তথ্য ৷

China reports major drop in new virus cases to 397
চীনৰ প্ৰতিবেদনত নতুন কৰ'ণা ভাইৰাছজনিত ঘটনা 397 টালৈ হ্ৰাস

চীনৰ মুখ্য প্ৰান্তত ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 76,288 জন বুলি চিনাক্ত হৈছে আৰু ইয়াৰ ভিতৰত 2,345 জন লোক মৃত বুলি ঘোষণা কৰা হৈছে ৷ ইতিমধ্যে চীন চৰকাৰে চূড়ান্তভাৱে পৃথক পৃথক ভ্ৰমণৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ কিয়নো, বিগত বৰ্ষৰ ডিচেম্বৰত ভাইৰাছত আক্ৰান্ত যাত্ৰীসকলৰ পৰা এই ভাইৰাছ পৃথিৱীৰ ভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে ৷ শুকুৰবাৰে দৈনিক গণনা অনুসৰি এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 889 জনতকৈ কম হয় ৷

বিশ্বব্যাপী প্ৰাদুৰ্ভাৱৰ ক্ষেত্ৰত দক্ষিণ কোৰিয়াই এক নতুন মৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে প্ৰতিবেদনত উল্লেখ কৰে যে,দক্ষিণ কোৰিয়াত কৰ'ণা ভাইৰাছত মুঠ 204 জন লোক আক্ৰান্ত হৈছিল যদিও দুদিন পূৰ্বে এই ঘটনাৰ সংখ্যা ছয়গুণলৈ বৃদ্ধি পায় ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে শুকুৰবাৰে দক্ষিণ কোৰিয়াৰ সকলো স্কুল বন্ধ কৰি দিয়া হয়,গীৰ্জাৰ উপাসকসকলক দূৰে দূৰে থাকিবলৈ আহ্বান জনায় আৰু গণ সমাৱেশৰ নিষেধাজ্ঞা জাৰি কৰা হয় ৷

লগতে পঢ়কঃষ্টুডিঅ'ৰ ভিতৰতে কন্ঠশিল্পী মিকা সিঙৰ মেনেজাৰৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.