ETV Bharat / bharat

বিপথগামী চীনা সৈন্যক শীঘ্ৰেই ভাৰতক ঘূৰাই দিয়াৰ আহ্বান চীনা কৰ্তৃপক্ষৰ

author img

By

Published : Oct 21, 2020, 6:54 AM IST

দেওবাৰে সন্ধানহীন হোৱা চীনা সৈন্যক ভাৰতে শীঘ্ৰেই মুক্তি দিয়াৰ আশা প্ৰকাশ চীনা কৰ্তৃপক্ষৰ ৷ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (LAC)ত বিপথগামী হোৱা এগৰাকী চীনা সৈন্যক পূৱ লাডাখৰ ডেমচোক চেক্টৰত উদ্ধাৰ কৰে ভাৰতীয় সেনাই ৷

China hopes its missing soldier held by Indian Army will be released soon
বিপথগামী চীনা সৈন্যক শীঘ্ৰেই ভাৰতক ঘূৰাই দিয়াৰ আহ্বান চীনা কৰ্তৃপক্ষৰ

নিউজ ডেস্ক,21 অক্টোবৰ : পূৱ লাডাখৰ সীমা বিবাদৰ পাচত দেওবাৰে সন্ধানহীন হোৱা চীনা সৈন্যক শীঘ্ৰেই মুক্তি দিয়াৰ আশা প্ৰকাশ কৰিছে চীনা কৰ্তৃপক্ষই ৷

উল্লেখ্য যে,সোমবাৰে পূৱ লাডাখৰ ডেমচোক চেক্টৰত ভাৰতীয় সেনাই এগৰাকী চীনা সৈন্য়ক উদ্ধাৰ কৰিছিল,যেতিয়া তেওঁ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (LAC)ত বিপথগামী হৈছিল ৷ উক্ত ঘটনাত দুই বিশাল সেনা বাহিনী মোতায়েন কৰা হৈছিল ৷

আনহাতে ভাৰতীয় সেনাৰ মন্তব্য অনুসৰি,Chinese People's Liberation Army (PLA)ৰ এগৰাকী কৰ্প’ৰেল সেনা ৱাং য়া লং নামেৰে চিনাক্ত হৈছে ৷ তেওঁক সোধ-পোচ কৰাৰ পাচত চুলচুল-মল্ডো সীমাত চীনা সৈন্যৰ হাতত তেওঁক গতাই দিয়া হ’ব ৷

PLAৰ থিয়েটাৰ কামাণ্ড তথা জ্যেষ্ঠ কৰ্ণেল ঝাং চুইলীয়ে সদৰি কৰা মতে,‘‘18 অক্টোবৰৰ সন্ধিয়া চীন-ভাৰত সীমান্ত অঞ্চলত নিখোঁজ হোৱা চীনা সেনাগৰাকীক শীঘ্ৰেই ভাৰতে চীনৰ হাতত হস্তান্তৰ কৰিব বুলি চীনে আশা প্ৰকাশ কৰিছে’’ ৷

লগতে তেওঁ কয় যে,‘‘এই ঘটনাৰ পাচতে তেওঁলোকে ভাৰতীয় সেনাক এই বিষয়ে অৱগত কৰে যাতে সৈন্য গৰাকীক উদ্ধাৰত সহায় কৰে’’ ৷

ইতিমধ্য়ে ভাৰতীয় সেনাই চীনা সৈন্য গৰাকীৰ সন্ধান উলিয়াইছে আৰু তেওঁৰ চিকিৎসা সম্পন্ন হোৱাৰ পাচত তেওঁক চীনা সৈন্য়ৰ হাতত গতাই দিব বুলি কৰ্ণেল ঝাঙে উল্লেখ কৰে ৷

কৰ্ণেল ঝাঙে কয় যে,‘‘ভাৰতীয় সেনা পক্ষই সহায়ৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ এবাৰ সন্ধান পোৱাৰ পাচতে সময়মতে ঘূৰাই দিয়া হ’ব ৷ আমি আশাবাদী শীঘ্ৰেই ভাৰতে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব আৰু সীমাত শান্তিৰ বাবে 7 নং জ্যেষ্ঠ কামাণ্ডৰস্তৰীয় বৈঠকৰ সহমতসমূহ পূৰণ কৰিবলৈ চীনা পক্ষৰ সৈতে একেলগে কাম কৰিব’’ ৷

লগতে পঢ়ক : নাছাৰ Qube in Spaceৰ শীৰ্ষস্থানত তামিলনাডুৰ ছাত্ৰই প্ৰস্তুত কৰা কৃত্ৰিম উপগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.