ETV Bharat / bharat

চীন-ভাৰতৰ মাজত উদ্বেগ বৃদ্ধি, হ'টনত চীনে মোতায়ন কৰিলে J-20 যুঁজাৰু বিমান - অস্ত্ৰ-শস্ত্ৰ

হ'টনত চীনে মোতায়ন কৰিলে J-20 যুঁজাৰু বিমান ৷ ছেটেলাইটৰ জৰিয়তে তোলা কিছু ছবিয়ে স্পষ্ট কৰিছে যে, চীনে নিজৰ হ'টন বিমান বন্দৰত দুখন J-20 গোপন যুঁজাৰু ইতিমধ্যে মোতায়ন কৰিছে যি হয়তো ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে ৷

China escalates to stealth dimension, deploys J-20 fighters in Hotan air base
চীন-ভাৰতৰ মাজত উদ্বেগ বৃদ্ধি, হ'টনত চীনে মোতায়ন কৰিলে J-20 যুঁজাৰু বিমান
author img

By

Published : Aug 18, 2020, 7:10 PM IST

নিউজ ডেস্ক, 18 আগষ্ট : নিজৰ সামৰিক শক্তিত একান্তই বিশ্বাসী চীনে ভাৰত-চীন সীমান্তৰ কিছু সংবেদনশীল অঞ্চলত থকা নিজৰ বিমান ঘাটিত J-10 আৰু J-11 লেখিয়া গোপন আৰু শক্তিশালী যুঁজাৰু বিমান মোতায়ন কৰিছে, যিয়ে ভাৰত-চীনৰ মাজত চলি থকা চাপ বৃদ্ধি কৰিছে ৷

ছেটেলাইটৰ জৰিয়তে তোলা কিছু ছবিয়ে স্পষ্ট কৰিছে যে, চীনে নিজৰ হ'টন বিমান বন্দৰত দুখন J-20 গোপন যুঁজাৰু ইতিমধ্যে মোতায়ন কৰিছে যি হয়তো ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে ৷

চীনৰ হ'টন বিমান বন্দৰ দুয়োখন দেশৰ মাজত থকা লাইন অফ এক্সুৱেল কন্ট্ৰ'লৰ পৰা মাত্ৰ 130 কিলোমিটাৰ দূৰত অৱস্থিত আৰু ভাৰতৰ উত্তৰ সীমান্তত থকা চীনা সৈন্যৰ এক শক্তিশালী বিমান ঘাটি ৷ চীনৰ পিপ'লচ লিবাৰেশ্বন আৰ্মীৰ অধীনত থকা হ'টন বিমান বন্দৰত শক্তিশালী J-10 আৰু J-11 বিমানও প্ৰত্যক্ষ কৰা গৈছে ৷ ইয়াৰ উপৰিও নতুনকৈ মোতায়ন কৰা কিছু বিমানৰ ভিতৰত J-8 আৰু J-16 ও প্ৰত্যক্ষ কৰা গৈছে ৷ চীনৰ এই পদক্ষেপ সমূহে স্পষ্ট কৰি দিছে যে, দুয়োখন দেশৰ মাজত যদি এক প্ৰত্যক্ষ যুদ্ধৰ সূচনা হয় তেন্তে চুবুৰীয়া দেশখনে স্থল সেনাতকৈ বায়ু সেনাকহে বেছি গুৰুত্ব দিব ৷

আনহাতে, ভাৰতেও নিজৰ সীমান্ত সুৰক্ষিত কৰিবলৈ যুদ্ধ বিমান যেনে, Su-30, Mig-29K, C-17, ছিনুক, আপাছে আৰু আন আন যুদ্ধ বিমান সমূহ লেহ বিমান বন্দৰলৈ স্থানান্তৰিত কৰিছে ৷

দুয়োখন দেশে এক লাখতকৈ অধিক সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ সীমান্তৰ দুয়োপাৰে মোতায়ন কৰা বুলি খবৰ পোৱা গৈছে ৷

বৰ্তমান চীনে ক্ষীপ্ৰতাৰে J-20 যুদ্ধ বিমান প্ৰস্তুত কৰাত গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে যি সামৰিক প্ৰস্তুতিৰ ক্ষেত্ৰত পিপ'লচ লিবাৰেশ্বন আৰ্মীৰ ৰাজহাড় হ'ব বুলি জানিব পৰা গৈছে ৷ এই যুদ্ধ বিমান সমূহ যথেষ্ট ক্ষীপ্ৰ আৰু ঘাতক ৷ J-20 বিমান সমূহৰ ইঞ্জিন সমূহ যদিও ৰাছিয়াত নিৰ্মিত AL-31 ইঞ্জিনেই হ'ব তথাপিও চীনে ইয়াক নিজৰ থলুৱা WS-10 টাইহাং ইঞ্জিনৰ দ্বাৰা আৰু অধিক ক্ষীপ্ৰতৰ তথা ঘাতক ভাবে প্ৰস্তুত কৰি থকা বুলি জানিব পৰা গৈছে ৷

China escalates to stealth dimension, deploys J-20 fighters in Hotan air base
চীন-ভাৰতৰ মাজত উদ্বেগ বৃদ্ধি, হ'টনত চীনে মোতায়ন কৰিলে J-20 যুঁজাৰু বিমান

এই মুহূতত চীনা সৈন্যৰ হাতত J-20 বিমানৰ 30 টা বাহিনী থকা বুলি জানিব পৰা গৈছে ৷ J-20 বিমান সমূহ হ'ল আমেৰিকান সেনা বাহিনীত অন্তভূৰ্ক্ত হোৱা F-22 A Raptor আৰু F-35 যুদ্ধ বিমানৰ পিচত যিকোনো বিমান বাহিনীত অন্তভূৰ্ক্ত হোৱা তৃতীয়খন গোপন ( Stealth ) বিমান, যিয়ে ৰাডাৰ আৰু আন আন এয়াৰ চাৰ্ভিলেন্স ব্যবস্থাক ধূলি দিব পাৰে ৷

শেহতীয়াকৈ আমেৰিকাই চীনক নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে চান ডিয়েগো বিমান বন্দৰত গোপন B-2 বোমাৰু বিমান মোতায়ন কৰাৰ পিচতেই, চীনৰ এই পদক্ষেপ যথেষ্ট মন কৰিবলগীয়া ৷

চীন আৰু আমেৰিকাৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পিচতেই এছিয়া মহাদেশৰ বিভিন্ন দেশত গোপন যুঁজাৰু বিমানৰ এক অঘোষিত প্ৰতিযোগিতাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ আমেৰিকাই যদি F-35 মোতায়েন কৰিছে, জাপান আৰু দক্ষিণ কোৰিয়াইও নিজৰ সামৰিক শক্তি প্ৰদৰ্শনৰ বাবে পদক্ষেপ হাতত লোৱা দেখা গৈছে ৷

ইয়াৰ মাজতেই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ সহযোগত এক চীন বিৰোধী মৰ্চাৰো উকমুকনি দেখা গৈছে ৷

লগতে পঢ়ক : মন্ত্ৰী চন্দন ব্ৰহ্মৰ জন্মই হৈছে ঠগিবলৈ : নিৰ্মল কুমাৰ ব্ৰহ্ম

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.